ETV Bharat / state

কেবিনেটত গৃহীত কেব: সমগ্ৰ ৰাজ্যত জ্বলিছে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি

author img

By

Published : Dec 5, 2019, 5:17 AM IST

অসমৰ দল সংগঠনৰ তীব্ৰ প্ৰতিবাদক আওকান কৰি বুধবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক মোডী কেবিনেটত অনুমোদন হোৱাৰ লগে লগে কেব বিৰোধী তীব্ৰ প্ৰতিবাদত জ্বলিছে ৰাজ্য ৷ বুধবাৰে সন্ধিয়া সমগ্ৰ ৰাজ্যত জোঁৰ সমদলৰ লগতে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহৰে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ ৷

cab section in Modi cabinet : protest start all over assam
কেবিনেটত গৃহীত কেব: সমগ্ৰ ৰাজ্যত জ্বলিছে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি

লখিমপুৰ,4 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি লখিমপুৰৰ ৰাজপথ কঁপালে ছাত্ৰ সমাজে । নৰ্থ লখিমপুৰ কলেজ স্বায়ত্ত শাসিতৰ সচেতন ছাত্ৰ সমাজ আৰু জিলা সচেতন নাগৰিক সমাজে অংশ ললে এই প্ৰতিবাদত । লখিমপুৰ নগৰৰ মাজ মজিয়াৰে জোঁৰ সমদল উলিয়াই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা প্ৰতিবাদকাৰীৰ । ডবা,বৰ-কাঁহ বজাই চৰকাৰক বিধেয়ক কাৰ্যকৰী নকৰিবলৈ দাবী জনালে ছাত্ৰ সমাজ আৰু সচেতন নাগৰিক সমাজে ।

কেবৰ বিৰুদ্ধে লখিমপুৰত ডবা,কাঁহ বজাই প্ৰতিবাদ

ধেমাজি : কেব কোনোপধ্য মানি নোলোৱাৰ হুংকাৰ দি বুধবাৰে ধেমাজিত জিলা আছু কৰ্মী সকলে আছু কাৰ্যালয় শ্বহীদ উদ্যানৰ পৰা সৰ্বানন্দ সোণোৱাল , অমিত শ্বাহ , নৰেন্দ্ৰ মোদী , আৰু হিমন্ত বিশ্ব শৰ্মাক একেলগে বান্ধি চোচৰাই আনে নগৰৰ মাজেৰে ৷ ইয়াৰ পিচতেই, চৰকাৰ বিৰোধী শ্ল'গান দি ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চাৰি মন্ত্ৰীৰ পুত্তলিকা জ্বলাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

কেবৰ প্ৰতিবাদত ধেমাজিৰ ৰাজপথত আছুৱে চোচৰাই নি জ্বলাই দিলে সৰ্বা , হিমন্ত , অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীক

লগতে পঢ়ক:কেবিনেটত গৃহীত কেবঃ প্ৰতিবাদত জ্বলিছে ৰাজ্য

ডুমডুমা: নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ প্ৰতিবাদত বুধবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত বহুকেইটা জাতীয়-জনগোষ্ঠীয় সংগঠনে তিব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আছু, আটছা, মৰাণ ছাত্ৰ সন্থাই ভাৰতৰ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

তিনিচুকীয়াত কেবৰ বিৰুদ্ধে প্ৰতিবাদ

আমগুৰি : জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আমগুৰি নগৰৰ চাৰিআলিত অৰ্দ্ধ-উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে চাৰিটাকৈ জাতীয় সংগঠনে ৷ এই অৰ্দ্ধ উলংগ প্ৰতিবাদত অংশ লয় আহোম জাতীয় গণমঞ্চ, আটাছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম যুৱ পৰিষদে ৷ প্ৰতিবাদস্থলীত বিদেশী আনি বহুৱাবলৈ অসমখন চৰণীয়া পথাৰ নহয় বুলি চৰকাৰক হুংকাৰ প্ৰদান কলে প্ৰতিবাদকাৰীসকলে ৷

আমগুৰিত কেবৰ বিৰুদ্ধে অৰ্দ্ধ উলংগ হৈ প্ৰতিবাদ

আৰু চাওঁক:জয় বাংলাদেশ ধ্বনি দি বিপদত হিমন্তঃ পাণবজাৰ থানাত এজাহাৰ দাখিল কটনিয়ানৰ

দৰং: কেবৰ বিৰুদ্ধে দৰংত প্ৰতিবাদৰ জুই । দৰঙৰ মঙলদৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাহ কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী আমিত শ্বাহ আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃৰ্তি । কেব মানি লোৱা নহ'ব বুলি স্পষ্ট ঘোষণা সংগঠনটোৰ । লগতে অসমত কোনো চৰ্ততে কেব প্ৰযোজ্য কৰিব দিয়া নহ'ব বুলিও প্ৰকাশ কৰে সংগঠৱনটোৱে ৷

কেবৰ বিৰুদ্ধে দৰংত প্ৰতিবাদৰ জুই

বিশ্বনাথ: বিশ্বনাথৰ বৰগাং ৰাজ পথত উত্তাল প্ৰতিবাদ । বিশ্বনাথ বিহালী কেইবাটাও জাতীয় সংগঠনে এক গোট হৈ কেবৰ বিৰুদ্ধে ৰাজপথত জোঁৰ সমদল কাৰ্যসূচী হাতত লয় । সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ , অসমৰ বিহালী আঞ্চলিকৰ বিহালী আছু, বিহালী আছা আৰু বিহালী যুৱ সমাজে হাতে হাতে জোঁৰ লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰ দাবী জনাই উত্তাল কৰি তুলে বৰগাং ৰাজপথ ।

বিশ্বনাথৰ বৰগাং ৰাজ পথত কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

লগতে চাওঁক:5 ডিচেম্বৰত কেবৰ বিৰোধিতাৰে লাষ্টগেট কপাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

তেজপুৰ: জাতিদ্ৰোহী কেব গৃহীত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধানৰ বিৰূদ্ধে তেজপুৰ আছুৰ দুই শতাধিক বিষয়-ববীয়া, কৰ্মী তেজপুৰ চহৰৰ বৰগোলা চাৰি আলিত সন্ধিয়া গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অমিত শ্বাহৰ দাদাগিৰী নচলিব", "নৰেন্দ্ৰ মোডী হায় হায়" , "বিজেপি গ’ বেক" , "নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ’ব" আদি শ্ল’গান আৰু ধৰ্নাৰে আছু কৰ্মীসকলে পৰিৱেশ উত্তাল কৰি তোলে তেজপুৰৰ ৰাজপথ ৷

তেজপুৰত কেবৰ বিৰুদ্ধে প্ৰতিবাদ

কলিয়াবৰ: প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ । বুধবাৰে কলিয়াবৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সন্ধ‍িয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ পুত্তলিকা দাহেৰে বিধেয়কখনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে । বিদেশীৰ বোজা কোনো কাৰণতে মানি লোৱা নহ'ব আৰু এই বিতৰ্কিত বিধেয়কখন যিকোনো মূল্যৰ বিনিময়ত প্ৰতিৰোধ কৰা হ'ব বুলি বদ্ধপৰিকৰ বুলি নেতৃবৰ্গই চৰকাৰক সঁকিয়াই দিয়ে । লগতে অগপ দলৰ জাতিদ্ৰোহী স্থিতিক লেই-লেই, চেই-চেই ধ্বনিৰ তীব্ৰ গৰিহণা দিয়ে ।

কেবৰ বিৰুদ্ধে কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

আৰু জানিবৰ বাবে চাওঁক:কেব গৃহীত হোৱাৰ পাচতহে পদক্ষেপ গ্ৰহণ কৰিব অসম গণ পৰিষদে !

শদিয়া : নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত কাকপথাৰত কেবৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদত সাব্যস্ত মৰাণ ছাত্ৰ সন্থাই ৷ বুধবাৰৰ সন্ধিয়া মৰাণ ছাত্ৰ সন্থাৰ কৰ্মকতাই কাকপথাৰ তিনিআলিত প্ৰতিলিপি দাহ কৰি পৰিবেশ উত্তাল কৰাৰ লগতে কালিলৈ পৰা এলানি আন্দোলনৰ কাৰ্যসুচী ঘোষণা কৰে ৷ সমান্তৰালভাবে কাকপথাৰ অঞ্চলত বিজেপি দল, চৰকাৰৰ সভা-সমিতি অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰাৰো সিদ্ধান্ত সংগঠনৰ ৷

কেবৰ বিৰুদ্ধে শদিয়াত জোঁৰ সমদল মৰাণ ছাত্ৰ সন্থাৰ

Intro:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুধীতা কৰি লখিমপুৰৰ ৰাজপথ কপালে ছাত্ৰ সমাজে।Body:নৰ্থ লখিমপুৰ কলেজ স্বায়ত্ত শাসিতৰ সচেতন ছাত্ৰ সমাজ আৰু জিলা সচেতন নাগৰিক সমাজে অংশ ললে এই প্ৰতিবাদত। লখিমপুৰ নগৰৰ মাজ মজিয়াৰে জোৰ সমদল উলিয়াই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা ছাত্ৰ সমাজৰ। Conclusion:ডবা কাহ বজাই চৰকাৰক বিধেয়ক কাৰ্যকৰী নকৰিবলৈ দাবী জনালে ছাত্ৰ সমাজ আৰু সচেতন নাগৰিক সমাজে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.