গুৱাহাটী,4 জানুৱাৰীঃ ৰাজ্যজুৰি অব্যাহত আছে সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ। চৰকাৰী পক্ষই যিমানেই দমন,ভয়-ভাবুকিৰে সংগ্ৰাম স্তব্ধ কৰাৰ চেষ্টা চলাই আছে সিমানেই তীব্ৰতৰ হৈছে প্ৰতিবাদ। শনিবাৰে মহানগৰীৰ ভৰলুমুখত ওলাই আহিল ৰাইজ। শান্তিপুৰ-ভৰলুমুখ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল স্থানীয় ৰাইজ। কেইগৰাকীও শিল্পী,সাহিত্যিকে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত। কোনো কাৰণতে এই আইন মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ কৰি যোৱাৰ সংকল্প ভৰলুমুখবাসীয়ে। চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে ৷
লগতে পঢ়কঃজামিন লাভ প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ