ETV Bharat / state

Protest Against BJP by ATASU : শিৱসাগৰত বিজেপিৰ বিৰুদ্ধে আটাছুৰ প্ৰতিবাদ, আঙুৰলতাৰ পুত্তলিকা দাহ

আজি শিৱসাগৰত বিজেপি দলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ টাই আহোম ছাত্র সন্থাই (Tai Ahom Students Union protest against BJP) । লগতে আঙুৰলতা ডেকাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (burning effigies of Angurlata Deka at Shivasagar by ATASU) ।

ATASU
ATASU
author img

By

Published : Jul 30, 2022, 7:34 PM IST

শিৱসাগৰ, ৩০ জুলাই : বিজেপি দল তথা বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে সোচ্চাৰ হৈছে টাই আহোম ছাত্ৰ সন্থা (Tai Ahom Students Union vocal against BJP) । আহোম জাতি সন্দৰ্ভত আপত্তিজনক মন্তব্য তথা শ্লোগান আগবঢ়োৱাৰ বাবেই এতিয়া টাই আহোম ছাত্ৰ সন্থাৰ ৰোষত পৰিছে বিজেপি তথা আঙুৰলতা (Tai Ahom Students Union targeting Angurlota Deka) । যাৰ ফলত আজি প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থাই ।

শিৱসাগৰত বিজেপিৰ বিৰুদ্ধে আটাছুৰ প্ৰতিবাদ, আঙুৰলতাৰ পুত্তলিকা দাহ

আজি শিৱসাগৰত বিজেপি দলৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ টাই আহোম ছাত্র সন্থাই (Tai Ahom Students Union protest against BJP) । লগতে আঙুৰলতা ডেকাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (burning effigies of Angurlata Deka at Shivasagar) । শিৱসাগৰৰ দৌলমুখ চাৰিআলিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে টাই আহোম ছাত্ৰ সন্থাই । আঙুৰলতা ডেকাসহ কেইবাগৰাকীও বিজেপি নেতা-কৰ্মীৰো পুত্তলিকা দাহ কৰি প্ৰতিবাদ কৰে আটাছুৰ নেতা-কৰ্মীসকলে ।

উল্লেখ্য, কংগ্ৰেছৰ বিৰুদ্ধে গুৱাহাটীত বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত 'আহোম জাতি মুৰ্দাবাদ' শ্লোগান দিয়া বুলি অভিযোগ উত্থাপন কৰি এই‌ প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থাই । অৱশ্যে 'ৰাহুল গান্ধী মুৰ্দাবাদ' নে 'আহোম জাতি মুৰ্দাবাদ' বুলি কৈছিল তাকে লৈ বিবুধিত পৰিছে একাংশ । ইয়াৰ মাজতে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়াগোঁহাইৰ নেতৃত্বত শিৱসাগৰত সাব্যস্ত কৰা হয় উত্তাল প্ৰতিবাদ ।

উল্লেখযোগ্য যে শুকুৰবাৰে গুৱাহাটীত কংগ্ৰেছ সাংসদ অধিৰ ৰঞ্জন চৌধুৰীৰ 'ৰাষ্ট্ৰপত্নী' উপমাক কেন্দ্ৰ কৰি অসম বিজেপি দলে আঙুৰলতাৰ নেতৃত্বত এক প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে ৰাজপথত নামিছিল । উক্ত প্ৰতিবাদী কাৰ্যসূচীতে 'কংগ্ৰেছ দল হায় হায়' বুলি শ্লোগান দিয়াৰ লগতে এক টিভি চেনেলত সম্প্ৰচাৰিত এক বাতৰিত 'আহোম জাতি মুৰ্দাবাদ' ধ্বনি দিয়া শুনা গৈছিল । ইয়াকে লৈ এতিয়া জাঙুৰ খাই উঠিছে সদৌ টাই আহোম ছাত্র সন্থা । ইয়াৰ বিৰুদ্ধে শিৱসাগৰ নগৰত সংগঠনটোৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

লগতে পঢ়ক: FIR at Dispur PS by BJP: সামজিক মাধ্যমত অপপ্ৰচাৰ: দিছপুৰ থানাত ৰাজ্যিক বিজেপিৰ এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.