ETV Bharat / state

শিৱসাগৰত হাতে লিখা আলোচনীৰ নিৰ্বাচিত সংকলন উন্মোচন - দিচাং মুখ হাইস্কুল

শিৱসাগৰত পৰ্যায়ৰ বিদ্যালয় সমূহৰ দ্বাৰা প্ৰকাশিত 1408 খন হাতে লিখা আলোচনীৰ ছপা ৰূপত এটি নিৰ্বাচিত সংকলন উন্মোচন ৷ শিৱসাগৰ নাট্য মন্দিৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয় সংকলনটিৰ ৷

book-relese-at-sivsagar
শিৱসাগৰত হাতে লিখা আলোচনীৰ নিৰ্বাচিত সংকলন উন্মোচন
author img

By

Published : Jan 8, 2021, 4:59 PM IST

শিৱসাগৰ,8 জানুৱাৰী : শিৱসাগৰ জিলা শিক্ষা বিভাগৰ ব্যতিক্ৰমী প্ৰয়াস ৷ জিলাখনৰ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় সমূহৰ দ্বাৰা প্ৰকাশিত 1408 খন হাতে লিখা আলোচনীৰ ছপা ৰূপত এটি নিৰ্বাচিত সংকলন উন্মোচন কৰা হয় ৷

বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ মন্তব্য

শিৱসাগৰ নাট্য মন্দিৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত 'আখৰ দ্যুতক' নামৰ আলোচনীখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ।

অনুষ্ঠানত শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক আব্দুল জেলিলৰ 'অভিন্ন সময়, ভিন্ন বিন্যাস' নামৰ এখন গ্ৰন্থও উন্মোচন কৰে শিক্ষাবিদ ডঃ নিৰুপমা মহন্তই । তাৰ পূৰ্বে শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত মুকলি কৰা হয় এটি গ্ৰন্থ সংগ্ৰহ আৰু সংৰক্ষণ কেন্দ্ৰ । জিলাখনৰ শিক্ষক সকলে ৰচনা আৰু সম্পাদনা কৰা গ্ৰন্থৰ এই কেন্দ্ৰটো মুকলি কৰে শিক্ষাবিদ ডঃ প্রকাশ কটকীয়ে ।

অসম বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে কৰ'ণাৰ সময়ত অভিনৱ পদ্ধতিৰে পাঠদান অব্যাহত ৰখা দিচাং মুখ হাইস্কুল আৰু অফলা মিচিং হাইস্কুলৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কলা উৎসৱত পাৰদৰ্শিতা দেখুওৱা ধৃতি প্ৰজ্ঞা ফুকনক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

লগতে পঢ়ক : কনিষ্ঠ চিকিৎসকক প্ৰহাৰৰ অভিযোগত আটক এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.