ETV Bharat / state

BJP maha jansampark abhiyan: তুংগত বিজেপিৰ মহা জনসম্পৰ্ক অভিযান, বিশিষ্ট ব্যক্তিৰ ঘৰে ঘৰে বিজেপিৰ কৰ্মকৰ্তা

author img

By

Published : Jun 10, 2023, 10:31 AM IST

শিৱসাগৰত উপস্থিত বিজেপি দলৰ ৰাষ্ট্ৰীয় উপসভাপতি ৷ কথাশিল্পী ইমৰান শ্বাহৰ বাসগৃহত গৈ সাক্ষাৎ কৰে তেওঁক (Abdullakutty arrives in Sivasagar) ৷ মোদীৰ প্ৰশংসাত পঞ্চমুখ ৰাষ্ট্ৰীয় উপসভাপতি গৰাকীয়ে ৰাহুল গান্ধীক কৰিলে সমালোচনা ৷

maha jansampark abhiyan
ইমৰাণ শ্বাহৰ ঘৰত উপস্থিত হয় বিজেপি দলৰ ৰাষ্ট্ৰীয় উপসভাপতি
বিজেপি দলৰ ৰাষ্ট্ৰীয় উপসভাপতি এ পি আব্দুল্লা কুট্টী

শিৱসাগৰ, 10 জুন : আগন্তুক 2024 ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে বিজেপি দলৰ । আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰিছে মহা জনসম্পৰ্ক অভিযান । নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে দেশত 9 বছৰ শাসন সম্পূৰ্ণ কৰাকলৈ এমহীয়া উদযাপন কাৰ্যসূচী হাতত লৈছে (Maha jansampark abhiyan) ৷ এই কাৰ্যসূচী অনুসৰি প্ৰতি ৰাজ্যত এহেজাৰ গৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰাৰ অভিযান চলাইছে বিজেপি দলে ।

সেই সূত্ৰেই 9 জুন, শুকুৰবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ ঘৰত উপস্থিত হয় বিজেপি দলৰ ৰাষ্ট্ৰীয় উপসভাপতি এ পি আব্দুল্লা কুট্টী (BJP national vice president A P Abdullakutty) । শুকুৰবাৰৰ সন্ধিয়া বিশিষ্ট সাহিত্যিক গৰাকীৰ ধাই আলিস্থিত বাসগৃহত উপস্থিত হৈ মত বিনিময় কৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে । এ পি আব্দুল্লা কুট্টীক সংগ দিয়ে সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, শিৱসাগৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁইসহ কেইবাগৰাকী বিষয়ববীয়াই ।

লক্ষ্যণীয় যে ইমৰান শ্বাহৰ বাসগৃহৰ পৰা ওলায়েই ৰাষ্ট্ৰীয় উপ সভাপতি গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই পেলোৱাৰ লগতে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে । নৰেন্দ্ৰ মোদীয়ে উন্নয়ন আৰু পৰিৱৰ্তনৰ ৰাজনীতি কৰা বুলি উল্লেখ কৰি কুট্টীয়ে কয় যে ভাৰতৰ গাঁৱত বিদ্যুৎ সংযোগ এতিয়াও নাই বুলি সমালোচনা কৰাৰ অধিকাৰ ৰাহুল গান্ধীৰ নাই । কিয়নো ভাৰতত 50 বছৰৰ অধিক কাল শাসন কৰা কংগ্ৰেছ দলৰ নেতা ৰাহুলে এই কথা তেওঁৰ পিতৃ, আইতাক, আজো ককাক আদিক সোধা উচিত বুলি তীৰ্যক মন্তব্য কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ভাৰতৰ আৰম্ভণি কৰি বিগত দিনত ভাৰতত নোহোৱা উন্নতি সাধন কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ মন্তব্য কৰে । অৱশ্যে বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতাগৰাকীৰ উপস্থিতিক লৈ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ পৰা বিৰত থাকে কথাশিল্পী ইমৰান শ্বাহ । জানিব পৰা মতে জনসম্পৰ্ক বৃদ্ধিৰ বাবে এইদৰে ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতাক ভাৰতৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰা হৈছে । সেই সূত্ৰে ৰাষ্ট্ৰীয় উপসভাপতি কুট্টী যোৰহাটৰ পাছত শিৱসাগৰত উপস্থিত হৈ মোদী চৰকাৰৰ ন বছৰৰ শাসন উদযাপন কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে জন সমৰ্থন আদায়ৰ চেষ্টা কৰিছে (BJP maha jansampark abhiyan) । উল্লেখ্য যে ইমৰান শ্বাহৰ ঘৰত সাক্ষাতৰ বাবে যোৱাৰ আগতে ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে স্থানীয় যুৱ দলত দলীয় কৰ্ম-কৰ্তাৰ সৈতে মিলিত হয় ।

লগতে পঢ়ক : Governor Gulab Chand Kataria: নামফাকে বৌদ্ধ বিহাৰ পৰিদৰ্শন ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.