আমগুৰি,১৩ মে': শিৱসাগৰ জিলাৰ আমগুৰিৰ ম'ৰাবজাৰ গাঁও পঞ্চায়তৰ সভাপতি তথা কংগ্ৰেছ দলৰ হিৰোজ দত্তই বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে । আমগুৰি গ্ৰাম্য মণ্ডলৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে সভাপতি হিৰোজ দত্তই ।
আমগুৰি সমষ্টিৰ তিনিওটা মণ্ডলৰ সভাপতি, সাধাৰণ সম্পাদক, জিলা সম্পাদক আৰু কিষাণ মৰ্চাৰ জিলা উপ-সভাপতিৰ উপস্থিতিত বিজেপিত যোগদান কৰে দত্তই । ম'ৰাবজাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত সভাপতি হিৰোজ দত্তই বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি বিজেপিত যোগদান কৰে ৷