ETV Bharat / state

Birth anniversary of Miles Bronson:প্ৰথম অসমীয়া-ইংৰাজী অভিধানৰ প্ৰকাশকক ওপজা দিনত স্মৰণ - Birth anniversary of Miles Bronson

১৮১২ চনৰ ২০ জুলাইত জন্মগ্ৰহণ কৰা মাইলছ ব্ৰনছনক আজি উপজা দিনত শিৱসাগৰ ব্য়াপ্টিষ্ট সভাৰ কাৰ্যালয়ত স্মৰণ কৰিলে ৰাইজে । অসমীয়া ভাষা আৰু সাহিত্যলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা মাইলছ ব্ৰনছনে বৃটিছ কোম্পানীয়ে অসমত শিক্ষা আৰু প্ৰশাসনিক মাধ্যম ৰূপে প্ৰৱৰ্তন কৰা বাংলা ভাষাক বিতাড়ণ কৰিছিল ।

Birth anniversary of Miles Bronson
ড৹মাইলছ ব্ৰনছনৰ ওপজা দিন
author img

By

Published : Jul 20, 2023, 8:38 PM IST

ড৹মাইলছ ব্ৰনছনৰ ওপজা দিন

শিৱসাগৰ, ২০ জুলাই: আজি অসমীয়া ভাষা ৰক্ষাৰ অন্যতম কাণ্ডাৰী ড৹মাইলছ ব্ৰনছনৰ ওপজা দিন । ২০ জুলাইৰ দিনটোতে আমেৰিকাত ১৮১২ চনত মাইলছ ব্ৰনছনৰ জন্ম হৈছিল । এই দিনটো আজি উদযাপন কৰা হয় শিৱসাগৰত । অসমীয়া ভাষা আৰু সাহিত্যৰ অন্যতম কাণ্ডাৰী মাইলছ ব্ৰনছন যদিও ধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ আহিছিল, তথাপি তেওঁ সমান্তৰালভাৱে অসমীয়া ভাষা আৰু সাহিত্যলৈ প্ৰভূত বৰঙণি আগবঢ়াই । ১৮৩৬ চনত অসমলৈ অহা ব্ৰনছনৰ মুখ্য অৰিহণা হৈছে তেতিয়া বৃটিছ কোম্পানীৰ শাসনে অসমত শিক্ষা আৰু প্ৰশাসনিক মাধ্যম ৰূপে প্ৰৱৰ্তন কৰা বাংলা ভাষাৰ বিতাড়ণ ।

এইগৰাকী মহান ব্য়ক্তিৰ উপজা দিনটো আজি শিৱসাগৰ ব্য়াপ্টিষ্ট সভাৰ কাৰ্যালয়ত অসম ব্য়াপ্টিষ্ট কনভেঞ্চনৰ উদ্যোগত উদযাপন কৰা হয় । কেক কাটি জন্মদিন উদযাপন কৰাৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰীৰ মাজত মাইলছ ব্ৰনছনৰ জীৱনৰ ওপৰত এখন ৰচনা লিখা প্ৰতিযোগিতাও অনুষ্ঠিত হয় ।

আনন্দৰাম বৰুৱাৰ দৰে ব্য়ক্তিৰ লগত একত্ৰিত হৈ ব্ৰনছনে আৰম্ভ কৰিলে অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ আন্দোলন । সুদীৰ্ঘ ৩৭ বছৰৰ সংগ্ৰামৰ অন্তত অসমত বাংলা ভাষা উঠাই পুনৰ অসমীয়া ভাষা প্ৰৱৰ্তন কৰা হয় । আনহাতে, অসমীয়া সাহিত্যৰ ক্ষেত্ৰত ব্ৰনছনৰ অৰিহণা আজিও লেখত লবলগীয়া । তেওঁ প্ৰকাশ কৰিছিল প্ৰথমখন অসমীয়া-ইংৰাজী অভিধান । ইয়াৰ লগতে পাঠ্যপুথিৰ বহু কিতাপৰ লগতে আন বহু কেইখন অসমীয়া কিতাপ ব্ৰনছনে ৰচনা কৰি থৈ যায় । অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন, স্ত্ৰী শিক্ষাক অগ্ৰাধিকাৰ, সমাজত চলি থকা কু সংস্কাৰ দূৰ কৰা,অসমীয়া লোকক অৰ্থনৈতিক দিশত স্বাৱলম্বী কৰা আদিও ব্ৰনছনৰ উল্লেখযোগ্য অৰিহণা ।

উল্লেখ্য় যে ১৮৩৬ চনত জেকব থমাচ আৰু পৰিয়ালৰ সৈতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আমেৰিকাৰ পৰা অসম অভিমুখে ৰাওনা হৈ ১৮৩৭ চনত অসমত উপস্থিত হৈছিল । তেওঁ অসমত থাকোতেই দ্বিতীয় পত্নী,ভগ্নী,কন্য়াক চিৰদিনৰ কাৰণে হেৰুৱাইছিল । আত্মীয়ৰ বিয়োগেও আশাশুধীয়াভাৱে তেওঁ ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য ৰচনাৰ কামৰ পৰা আঁতৰি যোৱা নাছিল । তেওঁ ১৮৭৮ চনত আমেৰিকালৈ উভতি যায় । ১৮৮৩ চনত মাইলছ ব্ৰনছনে চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা মেলানি মাগে ।

লগতে পঢ়ক:Nalbari Bordoichila Theatre: মাংগলিক ৰীতি-নীতিৰে নলবাৰীৰ বনগাঁৱত মুকলি হ’ল বৰদৈচিলা থিয়েটাৰৰ আখৰা শিবিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.