ETV Bharat / state

Shrinkhal Chaliha Released from Jail : নিশাই বাসগৃহত উপস্থিত NSA ত গ্ৰেপ্তাৰ হোৱা শৃংখল চলিহা

author img

By

Published : Jun 20, 2023, 11:58 AM IST

Updated : Jun 20, 2023, 2:01 PM IST

নিশা NSA ত গ্ৰেপ্তাৰ হোৱা শৃংখল চলিহা উপস্থিত বাসগৃহত ৷ এডভাইজৰি বৰ্ডে নাকচ কৰিলে শৃংখলৰ বিৰুদ্ধে অনা গোচৰ ৷

Shrinkhal Chaliha Granted Bail
শৃংখল চলিহা উপস্থিত বাসগৃহত
কাৰাগাৰৰ পৰা ওলাই আহি প্ৰথম প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ

শিৱসাগৰ, 20 জুন : বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা অৱশেষত সোমবাৰে নিশা আহি উপস্থিত হয় শিৱসাগৰ নগৰৰ ফুকন নগৰস্থিত বাসগৃহত । জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় এঘাৰ বজাৰ পূৰ্বে প্ৰশাসনৰ এটা দলে ঘৰত নমাই যায় শৃংখল চলিহাক । অৱশ্যে কেনেকৈ, কি চৰ্তত শিৱসাগৰ জেলত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত বন্দী হৈ থকা চলিহাক এইদৰে ৰাতিৰ আন্ধাৰৰ মাজেৰে জেলৰ পৰা ঘৰত থৈ যোৱা হৈছে, সেই সন্দৰ্ভত সবিশেষ জানিব পৰা হোৱা নাই ।

অৱশ্যে এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পাচত এখনত পৰামৰ্শদাতা বৰ্ড গঠন কৰিব লাগে । উক্ত বৰ্ডে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কৰা গ্ৰেপ্তাৰৰ নাৰ্যতা প্ৰদান কৰে । শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কৰা গ্ৰেপ্তাৰক লৈ গঠন কৰা এডভাইজৰি বৰ্ডৰ আগত আজিৰ পৰা সাত দিনৰ আগত হাজিৰ কৰা হৈছিল ।

সম্ভৱতঃ উক্ত বৰ্ডে শৃংখলৰ বিৰুদ্ধে অনা অভিযোগসমূহ নাকচ কৰাৰ বাবে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ কৱলৰ পৰা মুক্তি দিবলৈ বাধ্য হয় । যদি এই তথ্যই প্ৰকৃত কথা হয় তেন্তে তেওঁৰ গ্ৰেপ্তাৰ যে উদ্দেশ্য প্ৰণোদিত আৰু আক্ৰোশমূলক আছিল সেয়া নিশ্চিত হৈ পৰিব ৷

উল্লেখযোগ্য যে, শিৱসাগৰ সদৰ থানাত যোৱা 2 মে'ত ৰুজু হোৱা 63/23 নম্বৰৰ এক গোচৰত শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰাৰ পিচত 3 মে'ৰ দিনা জেলৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়তে শৃংখলক জিলা দণ্ডাধীশৰ নিৰ্দেশত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল । এই কথাই তেতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল শিৱসাগৰ তথা ৰাজ্যৰ জাতীয়তাবাদী শিবিৰত ।

উল্লেখযোগ্য যে, শিৱসাগৰৰ অঙ্কুশ কেদিয়া নামৰ এজন ব্যৱসায়ীৰে সৃষ্টি হোৱা সংঘাতৰ ফলত 1 মে’ত সদৰ থানাত দিয়া কেডিয়াৰ এজাহাৰৰ ভিত্তিত শৃংখল চলিহাক পিচদিনা গ্ৰেপ্তাৰ কৰিছিল শিৱসাগৰ আৰক্ষীয়ে । ব্যৱসায়ীজনৰ অভিযোগ অনুসৰি বিহুৰ চান্দা বিচাৰিছিল চলিহাই । তেতিয়াই সংঘাতৰ সৃষ্টি হোৱাত চলিহাই কেদিয়াক থুৱাই দিয়াৰ অভিযোগ তুলিছিল । উক্ত এজাহাৰৰ ভিত্তিত IPC 447/384/352/426/270/294/505/340 ধাৰাত গোচৰ ৰুজু কৰা হৈছিল চলিহাৰ বিৰোদ্ধে ।

উক্ত গোচৰত অভিযুক্ত শৃংখল চলিহাক শিৱসাগৰৰ অতিৰিক্ত ন্যায়িক দণ্ডাধীশ অদালতত হাজিৰ কৰোৱাৰ পাচত আদালতে চলিহাৰ জামিন মঞ্জুৰ কৰে । কিন্তু বেলবণ্ড জমা দিয়াত আদালতৰ সময়সীমা উকলি যোৱাৰ বাবে এটা ৰাতিৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল ।

সেই অনুসৰি, পিচদিনা পুৱা মুকলি আকাশৰ তললৈ অহাৰ সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছিল । কিন্তু অতি নাটকীয়ভাৱে কাৰাগাৰৰ পৰা ওলাই বাহিৰত প্ৰৱেশ কৰোঁতেই পূৰ্বৰ পৰা অপেক্ষা কৰি থকা শিৱসাগৰ আৰক্ষীৰ এটা দলে পুনৰ গ্ৰেপ্তাৰ কৰে শৃংখল চলিহাক ।

অৱশেষত সকলো জল্পনা কল্পনাৰ ওৰ পেলাই সোমবাৰে নিশা ৰহস্যজনকভাৱে বন্দী কৰি ৰখা নেতাজনক নিজ ঘৰত নমাই যোৱাত আনন্দৰ বন্যা বৈছে চলিহাৰ পৰিয়ালত ।

লগতে পঢ়ক : Shrinkhal Chaliha Granted Bail : 45 দিনৰ অন্তত মুকলি আকাশৰ তললৈ আহিল শৃংখল চলিহা

Last Updated : Jun 20, 2023, 2:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.