ETV Bharat / state

শিৱসাগৰত বাইক চোৰৰ সন্ত্ৰাস - ফেচবুকতে আৰক্ষীক কৰিলে সমালোচনা

কি দিন, কি ৰাতি টোপনি নাইকীয়া হৈছে শিৱসাগৰৰ ৰাইজৰ । কাৰণ নিজৰ মৰমৰ বাইকখন । কোন মুহূৰ্তত চোৰে তেওঁলোকৰ বাইকখন লৈ যায় তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে শিৱসাগৰ নগৰত । বিগত কেইবাদিনো ধৰি নগৰৰ মাজমজিয়াৰ পৰাই নিতৌ চুৰি হৈছে লাখ টকীয়া বাইক । যাৰ বাবে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন কৰিছে অঞ্চলটোৰ ৰাইজে ।

Bike thief
শিৱসাগৰত বাইক চোৰৰ সন্ত্ৰাস
author img

By

Published : Nov 12, 2021, 9:56 PM IST

শিৱসাগৰ,১২ নৱেম্বৰ : বাইক চোৰে টোপনি কাঢ়িছে শিৱসাগৰবাসীৰ । আনহাতে কুম্ভকৰ্ণ নিদ্ৰাত শিৱসাগৰ আৰক্ষী । হয় চোৰৰ উপদ্ৰৱৰ বাবে এতিয়া নিৰাপত্তাহীনতাত ভূগিছে শিৱসাগৰবাসী । প্ৰতিদিনে ৰাইজৰ মূল্যৱান সামগ্ৰী চুৰি কৰি নিছে চোৰে । বিশেষকৈ বুলেটৰ প্ৰেমত পৰিছে শিৱসাগৰৰ চোৰ । ইখনৰ পাছত সিখন বুলেট লৈ উধাও হৈছে বাইক চোৰ ।

কিন্তু আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট ৰাইজ । যাৰ বাবে অতিষ্ঠ ভুক্তভোগী নাগৰিকে ফেচবুকতে আৰক্ষীক কৰিলে সমালোচনা । জানিব পৰা মতে শিৱসাগৰ নগৰৰ সকলোতকৈ সুৰক্ষিত আৱাসিক অঞ্চলৰূপে পৰিচিত ১০ নং ৱাৰ্ডটো চকু পৰিছে চোৰৰ । যাৰ বাবে বাহিৰত ৰখাটো দূৰৰে কথা ঘৰৰ ভিতৰত বাইক থৈও ৰক্ষা পোৱা নাই গৃহস্থই । ভুক্তভোগীসকলে আৰক্ষীৰ ওচৰত এজাহাৰ দিছে যদিও আজিলৈ উদ্ধাৰ হোৱা নাই চুৰি বাইক ।

শিৱসাগৰত বাইক চোৰৰ সন্ত্ৰাস

নিজকে স্মাৰ্ট বুলি দাবী কৰা আৰক্ষীৰ এনে নিৰ্লিপ্ত ভূমিকাকলৈ এতিয়া হতভম্ভ হৈ পৰিছে শিৱসাগৰৰ ৰাইজ । ইফালে ধাৰাবাহিক বাইক চুৰিৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষীয়ে । ৰাইজৰ অভিযোগৰ বিপৰীতে এই ক্ষেত্ৰত আৰক্ষীয়ে কেইবাটাও সফলতা লাভ কৰা বুলি দাবী কৰিলে আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাই । ৰাইজলৈও বিশেষ আহ্বান বিষয়াগৰাকী । অৱশ্যে আৰক্ষীয়ে যিমানে দাবী নকৰক কিয় ভুক্তভোগীয়ে উপলব্ধি কৰিব পাৰে মৰমৰ সামগ্ৰীটো চুৰি হোৱাৰ বেদনা ।

লগতে পঢ়ক :মোমায়েকক হানি-খুচি হত্যাৰ চেষ্টা ভাগিনীয়েকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.