নিউজ ডেস্ক,13 জানুৱাৰীঃ চাওঁতে চাওঁতে পদূলি মুখ পালেহি ভোগৰ উৎসৱ ভোগালী ৷ অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া ভোগালীৰ আনন্দ ৷ ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি ৷ প্ৰতিবছৰৰ দৰে এইবছৰো চলিছে ভেলাঘৰ বনোৱাৰ অঘোষিত প্ৰতিযোগিতা ৷
শিৱসাগৰ জিলাৰ কালুগাঁও , জাপিসজীয়া গাঁৱত প্ৰস্তুত কৰা হৈছে দুমহলীয়া ভেলাঘৰ । ৰাজ্যত চলি থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ মাজতো এনেধৰণে ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে চলি আছে পৰম্পৰা ৰক্ষাৰ প্ৰচেষ্টা ৷ বিলাসীপাৰাৰ হাউদেৰটাৰী আৰু শিৱেৰ ডাবৰী গাঁৱৰ ৰাইজে মিলি শালি পথাৰত নিৰ্মাণ কৰিছে দুমহলীয়া ভেলাঘৰ ৷ বিহুৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ লুপ্ত প্ৰায় থলুৱা খেল ধেমালী, পিঠা পনা বনোৱা প্ৰতিযোগিতাৰ লগতে , আয়োজন কৰিছে সাংস্কৃতিক অনুষ্ঠানৰো ৷
ইফালে নগাঁৱত " কা " বিৰোধিতাৰে নিৰ্মাণ কৰা হৈছে ব্যতিক্ৰমী ভেলাঘৰ ৷ নগাঁও জিলাৰ চাপানালাৰ নিকটৱৰ্তী জামুকতলত অসমৰ এখন বিশাল মানচিত্ৰৰ লগতে প্ৰতিবাদী তিনিজনকৈ লোকৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে ৷ অসম জাতীয় বিদ্যালয়ৰ প্ৰাংগণতো এদিন আগতীয়াকৈ পৰম্পৰাগতভাৱে উদযাপন কৰা হৈছে হেঁপাহৰ ভোগালী বিহু ৷ অসম জাতীয় বিদ্যালয়ৰ অৰ্থ সামাজিক ন্যাসৰ সচিব ডঃ নাৰায়ণ শৰ্মাই মেজি প্ৰজ্জলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী সকলে মেজিৰ ওচৰত সমবেত হৈ পৰম্পৰাগত ভাৱে নাম প্ৰসংগ কৰাৰ লগতে বিভিন্ন পৰম্পৰাগত প্ৰতিযোগিতাৰ আয়োজন কৰে ৷