ETV Bharat / state

Protest against OIL: নিষিদ্ধ ঘোষিত তৈল খনন কোম্পানীক নিবিদা প্ৰদানক লৈ উত্তাল আমগুৰি

author img

By

Published : Dec 11, 2021, 5:47 PM IST

অইল ইণ্ডিয়া আৰু চৰকাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ । শিৱসাগৰৰ আমগুৰিত এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই (BAYM protest at Amguri) । বাঘজান কাণ্ডৰ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ আৰু ব্লেক লিষ্টেড কোম্পানীৰ নিবিদা বাতিলৰ দাবী সংগঠনটোৰ ।

Protest against Oil India
নিষিদ্ধ ঘোষিত তৈল খনন কোম্পানীক নিবিদা প্ৰদানক লৈ উত্তাল আমগুৰি

আমগুৰি, ১১ ডিচেম্বৰ: বাঘজান কাণ্ডই সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল । বাঘজান কাণ্ডক (The Baghjan tragedy)কেতিয়াও পাহৰিব নোৱাৰে অসমৰ জনতাই । কিন্তু তাৰ পাছতো শিক্ষা নল'লে চৰকাৰে । পুনৰ ব্লেক লিষ্টেড কোম্পানীক তৈল খননৰ দায়িত্ব প্ৰদানৰ অভিযোগ উঠিছে চৰকাৰ তথা অইল ইণ্ডিয়াৰ বিৰুদ্ধে ।

যাৰ বাবে বিভিন্ন স্থানত অইল ইণ্ডিয়া আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠনসমূহে । ইয়াৰ মাজতে শিৱসাগৰৰ আমগুৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই (BAYM protest at Amguri)। জন এনাৰ্জি (John Energy) নামৰ নিষিদ্ধ ঘোষিত কোম্পানীটোক নিবিদা প্ৰদানৰ বিৰুদ্ধে সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ জৰিয়তে সাংসদ ৰামেশ্বৰ তেলীকো তীব্ৰ সমালোচনা সংগঠনটোৰ ।

শীঘ্ৰেই বাঘজান অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ লগতে ব্লেক লিষ্টেড তৈল খনন কোম্পানী জন এনাৰ্জিৰ নিবিদা বাতিলৰ দাবী সংগঠনটোৰ । সংগঠনটোৰ দাবী মানি নল'লে অইল ইণ্ডিয়া বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ।

তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈলখাদত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কেইবাজনো লোকৰ মৃত্যুৰ লগতে স্থানীয় ৰাইজৰ সা-সম্পত্তিৰ বৃহৎ ক্ষতি হৈছিল । ক্ষতিগ্ৰস্ত ৰাইজক উপযুক্ত ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে সেই সময়ত তৈল খননৰ দায়িত্বত থকা জন এনাৰ্জি নামৰ বহুজাতিক তৈল খনন কোম্পানীটোক ব্লেক লিষ্টেড কৰাৰ পাছতো পুনৰ নিবিদা প্ৰদান কৰাক লৈ ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰীসকল । সংগঠনটোৰ আমগুৰি আঞ্চলিকে অভিযোগ কৰা মতে ব্লেক লিষ্টেড এটা কোম্পানীক কমিচনৰ অংকত পুনৰ নিবিদা প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক :তিনিচুকীয়াৰ জীৱন জ্যোতিত তিনিদিনীয়া নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.