ETV Bharat / state

বাঁহৰ জৰাজীৰ্ণ গৃহৰে চলিছে বালিপথাৰ উপস্বাস্থ্য কেন্দ্ৰ - balipara sub division health centre condition

উপস্বাস্থ্য কেন্দ্ৰৰ বাবে নিজৰ মাটি আৱন্টন দি এতিয়া দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৰিখেশ্বৰ গগৈ নামৰ ব্যক্তিজনৰ আত্মীয়ই ৷

balipara subdivision health centre condition
বাঁহৰ জৰাজীৰ্ণ গৃহৰে চলিছে বালিপথাৰ উপস্বাস্থ্য কেন্দ্ৰ
author img

By

Published : Nov 23, 2020, 2:11 PM IST

আমগুৰি, ২৩ নৱেম্বৰ: প্ৰকৃততে কি চলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগত ৷ আমগুৰিৰ বালিপথাৰত অৱস্থিত বালিপথাৰ উপস্বাস্থ্য কেন্দ্ৰটোৱে উদঙাইছে স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ প্ৰকৃত ছবি ৷ অতি পুতৌজনক ভাৱে আশী দশকৰ পৰাই এটা বাঁহৰ জৰাজীৰ্ণ গৃহৰে চলি আছে এই বালিপথাৰ উপস্বাস্থ্য কেন্দ্ৰটো ৷ ২০০৭ চনত গৃহটো পকীকৰণৰ বাবে আবন্টন কৰা হৈছিল যদিও আজিও সম্পূৰ্ণ হৈ নুঠিল গৃহটো নিৰ্মাণৰ কাম ৷ উপস্বাস্থ্য কেন্দ্ৰটোত নাই উপযুক্ত আচবাব, ৰোগীৰ বাবে নাই কোনো উপযুক্ত চিকিৎসা ব্যৱস্থা ৷

বাঁহৰ জৰাজীৰ্ণ গৃহৰে চলিছে বালিপথাৰ উপস্বাস্থ্য কেন্দ্ৰ

অতি তাৎপৰ্যপূৰ্ণভাৱে উপস্বাস্থ্য কেন্দ্ৰৰ বাবে নিজৰ মাটি আৱন্টন দি এতিয়া দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৰিখেশ্বৰ গগৈ নামৰ ব্যক্তিজনৰ আত্মীয়ই ৷ পৰিয়ালটোৰ নয়নী গগৈ নামৰ মহিলাগৰাকীক উপস্বাস্থ্য কেন্দ্ৰটোত সহায়িকা হিচাপে নিয়োগ কৰা হৈছিল যদিও সম্প্ৰতি সহায়িকা পদটো নিয়মীয়া নোহোৱাত আৰ্থিক অনাটনত ভুগিছে পৰিয়ালটোৱে ৷ শাসনাধিষ্ঠ চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ৷ আনহাতে ক্ৰমাৎ জহি খহি যোৱা অৰ্দ্ধ-নিৰ্মিত পকী গৃহটোৰ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে বহুকেইটা জাতীয় সংগঠনে ।

balipara subdivision health centre condition
বাঁহৰ জৰাজীৰ্ণ গৃহৰে চলিছে বালিপথাৰ উপস্বাস্থ্য কেন্দ্ৰ

লগতে পঢ়ক: হিমন্ত লুইজ বাৰ্গাৰ কেলেংকাৰীৰ মূল অভিযুক্তঃ অদীপ ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.