ETV Bharat / state

ঐতিহাসিক ধোদৰ আলিৰ বিধ্বস্ত ৰূপঃ নিৰ্বিকাৰ গড়কাপ্তানি বিভাগ !

author img

By

Published : Jun 4, 2020, 9:25 AM IST

ৰাইজৰ অভিযোগ আমগুৰি আৰু নাজিৰা সমষ্টিৰ মধ্যস্থলেদি যোৱাৰ কাৰণেই পথছোৱা মেৰামতিত গুৰুত্ব নিদিয়ে কোনো এজন জনপ্ৰতিনিয়ে । ফলত দুৰ্ভোগ ভুগিছে সাধাৰণ জনতাই।

Bad road condition at Amguri: local demand for repairing
আমগুৰিৰ জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ৰাইজকঃ নিৰ্বিকাৰ গড়কাপ্তানি বিভাগ !

আমগুৰি, 4 জুন: শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতিত বিধ্বস্ত ঐতিহাসিক ধোদৰ আলি ৷ নামতিৰ পৰা নাজিৰা সংযোগী ধোদৰ আলিত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড দ' গাঁত। যাৰ বাবে জীয়াতু ভুগিব লগীয়া হৈছে পথটোৰে নিতৌ অহা-যোৱা কৰা যাত্ৰী সকলে ৷ ৰাইজৰ অভিযোগ আমগুৰি আৰু নাজিৰা সমষ্টিৰ মধ্যস্থলেদি যোৱাৰ কাৰণেই পথছোৱা মেৰামতিত গুৰুত্ব নিদিয়ে কোনো এজন জনপ্ৰতিনিয়ে । ফলত দুৰ্ভোগ ভুগিছে সাধাৰণ জনতাই।

উল্লেখ্য যে, এই পথটোত বিভিন্ন সময়ত সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত ইতিমধ্যে কেইবাজনো লোকে মৃত্যুক সাৱটি লৈছে ৷ সাধাৰণ জনতাই বহুবাৰ পথটো নিৰ্মাণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো নাজিৰা গড়কাপ্তানী বিভাগে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ গড়কাপ্তানী বিভাগৰ চূড়ান্ত হেমাহিৰ বাবেই এতিয়া নামতিৰ পৰা নাজিৰা সংযোগী ধোদৰ আলিত দেখা গৈছে মৰণফাণ্ড। এইক্ষেত্ৰত বিভাগীয় কতৃপক্ষই শীঘ্ৰে পথছোৱা মেৰামতি নকৰিলে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে ৷ যাৰ বাবে শীঘ্ৰেই এই পথছোৱা মেৰামতিৰ বাবে সংশ্লিষ্ট বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷ ইমানেই নহয়, শীঘ্ৰে এই পথছোৱাৰ মেৰামতি নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ঐক্য সেনা অসমে ৷

লগতে পঢ়কঃ আমেৰিকাৰ ভাৰতীয় দূতাৱাসৰ সন্মুখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ক্ষতিসাধন দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.