ETV Bharat / state

অসমত থকা দ্বিতীয়খন টেমছ ব্ৰীজ - অভিযন্তা হৰি প্ৰসাদ বৰুৱা

চৰকাৰ আৰু প্ৰশাসনৰ দ্বাৰা অৱহেলিত এখন দলং,অশীতিপৰ দলংখন দ্বিতীয় মহাযুদ্ধৰ আগতে নিৰ্মাণ কৰা হৈছিল ৷ কপিকলযুক্ত দলঙখনৰ সৈতে জড়িত হৈ আছে হৰি প্ৰসাদ বৰুৱা আৰু যদুনাথ ওজাৰ স্মৃতি ৷ লণ্ডন ব্ৰীজৰ অনুৰূপ দিখৌ দলঙৰ কথা জানেনে ?

দ্বীতিয়খন টেমছ ব্ৰীজ
দ্বীতিয়খন টেমছ ব্ৰীজ
author img

By

Published : Mar 19, 2020, 4:47 PM IST

শিৱসাগৰ, 19 মাৰ্চঃ লণ্ডনৰ টেমছ নদীৰ ওপৰত থকা বিখ্যাত লণ্ডন ব্ৰীজ,কলকতাৰ হুগলি নদীৰ ওপৰত থকা ৰবীন্দ্ৰ সেতু আদিতকৈ পুৰণি আৰু একেই নিৰ্মাণ প্ৰযুক্তিৰে নিৰ্মিত এখন লোহাৰ দলং। এইখন দলঙে কিন্তু টেমছ-হুগলি নদীৰ দলঙৰ দৰে গুৰুত্ব,সন্মান অথবা প্ৰচাৰ লাভ কৰা নাই । ইয়াৰ বিপৰীতে যত্নৰ অভাৱত জহি-খহি যাব ধৰিছে দলঙখন।

শিৱসাগৰ নগৰৰ দিখৌ নদীৰ ওপৰত অৱস্থিত এখন দলং। দ্বিতীয় বিশ্বযুদ্ধৰ আগত ১৯৩৫ চনত নিৰ্মিত এই দলংখনৰ এক সমৃদ্ধ ইতিহাস আছে। ইংলেণ্ডৰ ব্ৰেইথৱেইট এণ্ড কোম্পানীয়ে নিৰ্মাণ কৰা দলংখনৰ আছে বিজ্ঞান-প্ৰযুক্তি উত্তৰণৰ এক লেখত ল'বলগীয়া দিশ। দলংখনৰ কোনো বিশেষ নাম নাই। এসময়ত দিখৌ দলং বুলি পৰিচিত এই দলংখনক এতিয়া জনা যায় পুৰণি দিখৌ দলং নামেৰে। দলঙখনৰ নাম থাকক অথবা নাথাকক কিন্তু এইখন দলঙখনক তুলনা কৰা হয় টেমছ নদীৰ বিখ্যাত লণ্ডন ব্ৰীজ অথবা কলকতাৰ হুগলি নদীৰ ৰবীন্দ্ৰ সেতুৰ সৈতে । কিয়নো যাতায়াতৰ ধৰণ আৰু নিৰ্মাণ শৈলীৰ দিশত এই দুয়োখন দলং দিখৌ দলঙৰ অনুৰূপ আৰু দিখৌ দলঙতকৈ নতুন। তথাপিও কিন্তু শিৱসাগৰৰ দিখৌ দলঙে নাই পোৱা প্ৰচাৰ আৰু গুৰুত্ব। তাৰ বিপৰীতে পাই আহিছে অৱহেলা আৰু অযত্ন। এসময়ত যাতায়তৰ মূল মাধ্যম দলঙখনৰ তলেদি বৃটিছ শাসনৰ ভাপনাও পাৰ হৈ গৈছিল । দিখৌনদীৰ বুকুৱেদি ভাপনাও আহিলে কপিকলৰ দ্বাৰা দলঙৰ মাজ অংশ দাঙি দিয়া হৈছিল। তাৰ মাজেৰে পাৰ হৈছিল ভাপনাও । এই কাৰিকৰী বিজ্ঞান যাত্ৰাৰ বাদেও দলংখনৰ লগত জড়িত আছে অসম আৰু অসমীয়াৰ স্বাভিমান। বৃটিছ দিনৰ বিখ্যাত অভিযন্তা হৰি প্ৰসাদ বৰুৱা এই দলংখনৰ কাৰিকৰী দিশৰ তদাৰককাৰী আছিল । সেইদৰে কালুগাঁৱৰ যদুনাথ ওজাই দলংখনৰ সমস্ত আয়-ব্যয় ব্ৰেথৱেইট কোম্পানীৰ হৈ তদাৰক কৰিছিল। এই দুজন অসমীয়া জড়িত থকা দলংখন আজি গোহালিত পৰিণত হৈছে ৷

দিখৌ নৈৰ ওপৰৰ দলংখন
বৃটিছ যুগৰ স্বাক্ষৰ বহনকাৰী দিখৌ নৈৰ ওপৰৰ দলংখন

তেতিয়াৰ দিনৰ উচ্চ প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা দলংখন শুদ্ধ লোহাৰে নিৰ্মিত। তেতিয়াৰ পৰা সুদীৰ্ঘ পঞ্চাশ বছৰ সেৱা আগবঢ়োৱাৰ পাছত নব্বৈ দশকত কাষত নিৰ্মাণ কৰা পকী দলং আৰম্ভ হোৱাত ব্যৱহাৰ বন্ধ হৈ পৰে লোহাৰ দলঙখনৰ। লাহে লাহে চৰকাৰ-প্ৰশাসনৰ বাবে এলাগী হৈ পৰে দলঙখন।মেৰামতি আৰু গুৰুত্বৰ অভাৱত দলংখন ক্ৰমে জহিবলৈ ধৰে। প্ৰশাসনে যাতায়তৰ নিষেধাজ্ঞাJ আঁৰি দায়িত্ব সামৰিছে। চৰকাৰে কোটি টকা বিনিয়োগৰ ফটাঢোল বজাইছে, কিন্তু বাস্তৱত দলঙখনৰ অৱস্থা অতি দুখলগা ৷

অসমত থকা দ্বীতিয়খন টেমছ ব্ৰীজ
শিৱসাগৰৰ ৰংঘৰ যিদৰে আহোম যুগৰ স্বাক্ষৰ তেনেদৰে পুৰণি দিখৌ দলং বৃটিছ যুগৰ স্বাক্ষৰ। প্ৰমাণ পুৰণি বিজ্ঞান-প্ৰযুক্তি আৰু নিৰ্মাণ শৈলীৰ । এইখন দলং টেমছ,হুগলিৰ দৰে শিৱসাগৰৰ পৰিচয়। কিন্তু এই পৰিচয় এতিয়া সংকটৰ গৰাহত । অমনোযোগিতা,অৱহেলা আৰু অৱমাননাৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হ'ব পৰা দলঙখন এইদৰে পৰি থাকিলে নিঃচিহ্ন হৈ পৰিব সেয়া নিশ্চিত ৷

লগতে চাওকঃ নগাঁও আদালতত প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.