ETV Bharat / state

Assam Police Sishu Mitra Program : শিৱসাগৰত শিশু আৰু মহিলাৰ বাবে স্পেচিয়েল পুলিচ ইউনিত গঠন

author img

By

Published : Jul 31, 2022, 5:11 PM IST

অসম আৰক্ষী শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত মহিলা আৰু শিশু সম্পৰ্কী অপৰাধ নিৰ্মূলৰ বাবে অসম আৰক্ষীৰ বিশেষ পদক্ষেপ (Assam Police special action on crimes related to women and children)। শিৱসাগৰত জুভেনাইল স্পেচিয়েল পুলিচ ইউনিটৰ পাইলট প্ৰজেক্ট আৰম্ভ । অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত অনুষ্ঠানত ।

Assam Police Sishu Mitra Program
শিৱসাগৰত শিশু আৰু মহিলাৰ বাবে স্পেচিয়েল পুলিচ ইউনিত গঠন

শিৱসাগৰ,৩১ জুলাই : ৰাজ্যত শেহতীয়াকৈ শিশু আৰু নাৰীৰ ওপৰত বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পাইছে (Crime against woman and children)। যাৰ বাবে অসম আৰক্ষীয়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । মাজে সময়ে বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে ৰাইজক সজাগতা কৰাৰ লগতে এই ধৰণৰ অপৰাধ নিৰ্মূলৰ বাবে প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে । অৱশ্যে তাৰ মাজতো ৰাজ্যখনত প্ৰতিদিনে নাৰী আৰু শিশুজনিত অপৰাধৰ ঘটনা সংঘটিত হৈছে ।

এইবাৰ শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছে অসম আৰক্ষী শিশু মিত্ৰ কাৰ্যসূচী (Assam Police Sishu Mitra Program in Sivasagar)। য'ত নাৰী আৰু শিশুৰ ওপৰত হোৱা অপৰাধমূলক ঘটনাৰ সৈতে মোকাবিলা কৰা সন্দৰ্ভত আলোচনা কৰা হয় । শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত উপস্থিত থাকে ।

জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় সঞ্চালক প্ৰধানগৰাকী । বৈঠকত অংশ লৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে শিশু সংৰক্ষণ অধিনিয়ম-২০১৫ আৰু শিশু সংৰক্ষণ নিয়মাৱলী-২০১৬ৰ অধীনত প্ৰতি জিলাৰ প্ৰতিখন আৰক্ষী চকীত জুভেনাইল স্পেচিয়েল পুলিচ ইউনিত (Juvenile Special Police Unit) গঠন কৰা হৈছে ।

ইফালে এই ইউনিটত এগৰাকী শিশু কল্যাণ বিভাগৰ বিষয়াক নিয়োগ কৰা হ'ব বুলিও ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । শিশুৰ লগত জড়িত যিকোনো অপৰাধমূলক কাৰ্য এই বিষয়াগৰাকীয়ে চোৱাচিতা কৰিব । ৰাজ্যৰ পাঁচখন জিলাত এই ইউনিটে কাম কৰিব লগতে ৰাজ্যৰ এঘাৰখন জিলাত শিশু আৰু মহিলা কোষ গঠন কৰি তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব ।

প'ক্স' আইনৰ অধীনৰ যিকোনো অপৰাধ, ধৰ্ষণ ইত্যাদিৰ ভুক্তভোগী দুৰ্ভগীয়া শিশুৰ ক্ষেত্ৰত অতি সহানুভূতিশীল হোৱাৰ বিপৰীতে আৰক্ষী অপৰাধীৰ লগত বজ্ৰৰ দৰে কঠোৰ হ'ব বুলিও সংবাদ মাধ্যমৰ আগত সকীয়নি প্ৰদান কৰে ভাস্কৰজ্যোতি মহন্তই ।

লগতে পঢ়ক :Assam girl kidnapped in Haridwar : হৰিদ্বাৰৰ পৰা অসমৰ যুৱতীক অপহৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.