ETV Bharat / state

অ’ এন জি চিৰ অপহৰণ কাণ্ডত জড়িত অসম আৰক্ষীৰ জোৱান !

author img

By

Published : Apr 26, 2021, 4:14 PM IST

Updated : Apr 26, 2021, 5:26 PM IST

লকুৱা অপহৰণৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তৰ কৰিছে বসন্ত বুঢ়াগোহাঁই নামৰ অসম আৰক্ষীৰ এজন জোৱানক ৷ ডিব্ৰুগড় জিলাৰ টেঙাখাত থানাত আলফাৰ নামত ধন দাবীৰ গোচৰ ৰুজু হৈ থকাৰ পাচতো লাকুৱা স্থিত ৮ নং জিজিএছৰ নিৰাপত্তাৰ দায়িত্বত আছিল বসন্ত বুঢ়াগোহাঁই ৷ অৱশ্যে ডিব্ৰুগড় আৰক্ষীয়ে অস্বীকাৰ কৰিছে লকুৱা অপহৰণৰ লগত জোৱানজন জড়িত থকাৰ কথা ৷

ONGC ৰ অপহৰণ কাণ্ডৰ লগত জড়িত অসম আৰক্ষীৰ জোৱান

শিৱসাগৰ, 26 এপ্ৰিল : লাকুৱাৰ অ’ এন জি চিৰ অপহৰণ কাণ্ডৰ সন্দৰ্ভত এতিয়া ন ন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ প্ৰথমে বিপ্লৱজ্যোতি-বিৰাজ আৰু এতিয়া সকলোকে আচৰিত কৰি এই অপহৰণৰ লগত সাঙোৰ খাই পৰিছে অসম আৰক্ষীৰ জোৱানৰ নাম ৷ লকুৱা অপহৰণৰ ঘটনাত প্ৰত্যক্ষভাৱে জড়িত থকাৰ সন্দেহত শদিয়াৰ জজলি তেলীকলা নিবাসী বসন্ত বুঢ়াগোহাঁই নামৰ আৰক্ষীৰ জোৱানজনক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ।

অ’এনজিচিৰ লাকুৱা স্থিত ৮ নং জিজিএছ'ৰ নিৰাপত্তাৰ দায়িত্বত থকা বসন্ত বুঢ়াগোহাঁই আছিল ২৫ নং অসম আৰক্ষী বেটেলিয়নৰ জোৱান ৷ তেওঁৰ সৈতে তপন বুঢ়াগোহাঁই আৰু উপেন গগৈ নামৰ আন দুজন যুৱকো জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ অৱশ্যে বৰ্তমানলৈকে দুয়োগৰাকী যুৱক পলাতক অৱস্থাত আছে ৷

আনহাতে, অপহৰণ ঘটনাৰ সৈতে জড়িত থকাৰ তথ্য অস্বীকাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । ডিব্ৰুগড় আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই বসন্ত বুঢ়াগোহাঁইক আলফাৰ নামত ধন দাবীৰ এক ঘটনাৰ লগত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিছে । যোৱা ১৩ এপ্ৰিল তাৰিখে বসন্ত বুঢ়াগোহাঁই বিৰুদ্ধে আলফাৰ নামত ধন দাবীৰ কৰা অভিযোগত ৪০/২১ নম্বৰত এক গোচৰ ৰুজু হৈছিল ডিব্ৰুগড় জিলাৰ টেঙাখাত থানাত ।

উক্ত গোচৰত বসন্ত বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তেওঁৰ লগত জড়িত থকাৰ সন্দেহত তপন বুঢ়াগোহাঁই আৰু উপেন গগৈৰ নামৰ যুৱক দুজনৰ সন্ধান কৰি থকা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ প্ৰশ্ন হয় এজন আৰক্ষীৰ জোৱানৰ বিৰুদ্ধে ধন দাবী গোচ়ৰ ৰুজু হৈ থকা পাচতো কেনেকৈ লাকুৱা স্থিত ৮ নং জিজিএছ'ৰ নিৰাপত্তাৰ দায়িত্ব আছিল ? প্ৰকৃত সত্য কি ? অসম আৰক্ষীৰ লোক অপহৰণ কাণ্ডৰ লগত জড়িত আছিল নে ? মুখলজ্জাৰ পৰা হাত সাৰিবলৈ আৰক্ষীয়ে অভিযুক্ত জোৱানজনক অন্য এক গোচৰত সাঙুৰি লোৱাৰ চেষ্টা কৰিছে নেকি ?

উল্লেখ্য যে, লাকুৱাৰ পৰা অপহৃত অ’এনজিচিৰ তিনি বিষয়া-কৰ্মচাৰীৰ ক্ৰমে অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক উদ্ধাৰ কৰা হৈছে যদিও এই পৰ্যান্ত কোনো সন্ধান নাই ৰিতুল শইকীয়াৰ ৷ ৰিতুল শইকীয়াৰ ক্ষেত্ৰত এক প্ৰেছ বিবৃতিৰ জৰিয়তে আলফা(স্বাঃ) য়ে কিছু কথা স্পষ্ট কৰিছে যদিও সেনা-আৰক্ষী পক্ষৰ পৰা এতিয়া লৈকে কোনো স্পষ্টীকৰণ দিয়া নাই ৷ ইয়াৰ পৰিপেক্ষিততে প্ৰতিবাদমুখৰ হৈছে উজনি অসম ৷

ইফালে ৰিতুল শইকীয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি 9 টাকৈ জাতীয় সংগঠনে ৷ বৰহোলাত এক সংবাদমেল সম্বোধন কৰি সংগঠন কেইটাৰ নেতৃত্বই আলফা আৰু প্ৰশাসনক অতি সোনকালে ৰিতুল শইকীয়াৰ বৰ্তমানৰ স্থিতি ৰাইজক অৱগত কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: পশ্চিমবংগৰ নিৰ্বাচন: সোমবাৰে সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ

Last Updated : Apr 26, 2021, 5:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.