ETV Bharat / state

লাডাখত প্ৰাণ হেৰুৱালে অসমৰ জোৱানে - বীৰ জোৱান নিতুল গগৈ

লাডাখৰ চিয়াচেন গ্লেচিয়াৰত মৃত্যু খনামুখ টিপমীয়া গাঁৱৰ বীৰ জোৱান নিতুল গগৈৰ ৷ অষ্টম অসম ৰেজিমেন্টত কৰ্মৰত চুবেদাৰ নিতুল গগৈ(৪৩) নামৰ জোৱান জনৰ ১৩ মাৰ্চত মৃত্যু হোৱাত সমগ্ৰ খনামুখ চিন্তামণিগড় অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে ৷

লাডাখত প্ৰাণ হেৰুৱালে অসমৰ জোৱানে
লাডাখত প্ৰাণ হেৰুৱালে অসমৰ জোৱানে
author img

By

Published : Mar 15, 2021, 7:30 AM IST

আমগুৰি, ১৫ মাৰ্চ: লাডাখৰ চিয়াচেন গ্লেচিয়াৰত মৃত্যু অসমৰ জোৱানৰ ৷ খনামুখ টিপমীয়া গাঁৱৰ বীৰ জোৱান নিতুল গগৈৰ মৃত্যু হয় লাডাখত ৷ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত খনামুখ টিপমীয়া গাৱঁৰ প্ৰয়াত মইনা গগৈৰ পুত্ৰ তথা অষ্টম অসম ৰেজিমেন্টত কৰ্মৰত চুবেদাৰ নিতুল গগৈ(৪৩) নামৰ জোৱান জনৰ ১৩ মাৰ্চত মৃত্যু হয় ৷ লাডাখৰ চিয়াচেন গ্লেচিয়াৰত কৰ্মৰত জোৱানজনৰ কেনেকৈ মৃত্যু হ'ল সেই বিষয়ে জানিব পৰা হোৱা নাই যদিও সোমবাৰে এক বিশেষ বিমানযোগে তেওঁৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ অনা হ’ব ৷

লাডাখত প্ৰাণ হেৰুৱালে অসমৰ জোৱানে
লাডাখত প্ৰাণ হেৰুৱালে অসমৰ জোৱানে
বিমান বন্দৰতে সামৰিক বাহিনীয়ে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত ভাৰতীয় সেনাৰ ৪১নং ছাব এৰিয়াৰ এটি গোটে ডিব্ৰুগড়ৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেদি বীৰ জোৱান নিতুল গগৈৰ নশ্বৰ দেহলৈ খনামুখ টিপমীয়াৰ নিজ গৃহত উপস্থিত হ’ব ৷ জোৱান জনৰ শেষকৃত্য অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা উপস্থিত থাকিব যদিও অতি অমায়িক, সহজ সৰল জোৱানজনৰ আকস্মিক মৃত্যুত সমগ্ৰ খনামুখ চিন্তামণিগড় অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে ৷লগতে পঢ়ক: বকোত প্ৰশাসনৰ নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.