শিৱসাগৰ,৭ ডিচেম্বৰ : ৰাহুল গান্ধীৰ নেতৃত্বত দেশত কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা' অব্যাহত আছে (Congress Bharat Jodo Yatra)। ইয়াৰ মাজতে প্ৰতিখন ৰাজ্যতে প্ৰদেশ কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও বিগত প্ৰায় এমাহ ধৰি ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচী চলাই গৈছে (APCC Bharat Jodo Yatra)। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত ধুবুৰীৰ পৰা আৰম্ভ হোৱাৰ এই ভাৰত জোড়ো যাত্ৰা দল উপস্থিত হৈছে উজনি অসমৰ শিৱসাগৰ জিলাত ।
কংগ্ৰেছৰ দলটো বুধবাৰে ঐতিহাসিক ৰংঘৰৰ বাকৰিত উপস্থিত হয় (Assam Bharat Jodo Yatra team at Sivasagar)। ইয়াৰ লগত সংগতি ৰাখি উক্ত স্থানত এখন সভাৰো আয়োজন কৰা হয় । শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজিত এই সভাত কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে । উক্ত অনুষ্ঠানত কংগ্ৰেছ নেতাকেইগৰাকীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা যায় (Bhupen Bora slams BJP)।
উক্ত অনুষ্ঠানত সংবাদমাধ্যমৰ সন্মুখত সভাপতি ভূপেন বৰাই কয় যে শিৱসাগৰ জিলাৰ পৰা চুকাফাই বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । সেয়ে অসমীয়া জাতিৰ ভৱিষ্যৎ নিৰ্মাণৰ স্বাৰ্থত শিৱসাগৰবাসীয়ে এক শক্তিশালী নেতৃত্ব দিব বুলি আশাবাদী সভাপতিগৰাকী । বদৰুদ্দিন আজমলৰ শেহতীয়া বিতৰ্ক সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে বৰ্তমান বিজেপি চৰকাৰ মুখ চুপতিত ব্যস্ত । তেওঁ উল্লেখ কৰা মতে বিজেপিয়ে মানুহৰ বুকু কঁপাই দিব ।
আজমলৰ বিৰুদ্ধে নিমাত হৈ থকা চৰকাৰক তীব্ৰ সমালোচনা কৰি ভূপেন বৰাই কয় যে অসমীয়া জাতিৰ আত্মসন্মান, স্বাভিমানক ভৰিৰে মোহাৰিবলৈ চেষ্টা কৰা আজমল যিমান অপৰাধী, তেওঁক সুৰক্ষা দিয়া মুখ্যমন্ত্ৰী আৰু বিজেপি তাতকৈ বেছি অপৰাধী ।
ইফালে অসমৰ মুখ্যমন্ত্ৰীয়ে ১ লাখ চাকৰি প্ৰদান কৰিব বুলি দিয়া প্ৰস্তুতিক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰে । বিজেপিয়ে আচলতে ৫ বছৰত হে ১ লাখ চাকৰি প্ৰদান কৰিব বুলি কৈছিল নেকি বুলি তেওঁ প্ৰশ্ন কৰে । আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰত জোড়ো যাত্ৰাৰ সফলতা সন্দৰ্ভত মন্তব্য কৰে কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই ।
লগতে পঢ়ক :Ajmal Controversial Statement : নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলে সাংসদ আজমলে