ETV Bharat / state

Bhaona Competition in Sivasagar: নামতিত অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ আয়োজন

author img

By

Published : Jan 17, 2023, 11:51 AM IST

নামতিত অহা ৫ ফেব্ৰুৱাৰীৰ পৰা সাত দিনীয়াকৈ সদৌ অসম ভিত্তিত আয়োজন কৰা হৈছে ভাওনা প্ৰতিযোগিতা (All Assam Bhaona Competition in Sivasagar)। এই উপলক্ষে সোমবাৰে খঁৰাগড়ত খামদৈ কুঁৱৰী সমন্বয় ক্ষেত্ৰত লাইখুটা স্থাপন কৰা হয় ।

Bhaona Competition at Khamadai Kuwari field
সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা
সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা

আমগুৰি, ১৭ জানুৱাৰী: শিৱসাগৰ জিলাৰ নামতিত অহা ৫ ফেব্ৰুৱাৰীৰ পৰা সদৌ অসম ভিত্তিত এখনি ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে (All Assam Bhaona Competition at Namati)। ঐতিহাসিক খঁৰাগড়ৰ খামদৈ কুঁৱৰী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব অসম ভিত্তিত আয়োজন কৰা এই ভাওনা প্ৰতিযোগিতাখনি (Assam based Bhaona competition preparation)। এই উপলক্ষে সোমবাৰে এক মাংগলিক পৰিবেশত লাইখুটা স্থাপন কৰা হয় । হৰি-নামৰ অমিয়া সুৰেৰে ভকত-বৈষ্ণৱে ভাওনা প্ৰতিযোগিতাৰ এই লাইখুটা স্থাপন কৰে । স্থানীয় ভকত এগৰাকীয়ে স্থাপন কৰে এই লাইখুটা ।

উল্লেখ্য় যে খঁৰাগড় আঞ্চলিক কলা-কৃষ্টি কেন্দ্ৰৰ উদ্যোগত ১৪ খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ সদৌ অসম ভিত্তিত আয়োজন কৰিছে ভাওনা প্ৰতিযোগিতাখনিৰ । আয়োজকসকলে সদৰি কৰা অনুসৰি শিৱসাগৰৰ লগতে যোৰহাট, ডিব্ৰুগড়কে ধৰি অসমৰ কেইবাখনো জিলাৰ বহুকেইটা দলে অংশগ্ৰহণ কৰিব ভাওনা প্ৰতিযোগিতাত ।

উদ্য়োক্তাসকলে উল্লেখ কৰা মতে, জনমানসত আধ্যাত্মিক চেতনা জগাই তুলি এখন সুন্দৰ সমাজ গঠন কৰিবলৈ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ভাওনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ অৰ্থে আয়োজন কৰা হৈছে এই প্ৰতিযোগিতাখনিৰ (Srimanta Sankardeva)। অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা ভাওনা প্ৰতিযোগিতাত অঞ্চলটোৰ সকলো ভকত-বৈষ্ণৱৰ লগতে উদযাপন সমিতিয়ে ইতিমধ্য়ে প্ৰস্তুতি আৰম্ভ কৰিছে । ইয়াৰ পূৰ্বে ২০১৯ চনত ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰি সফল হৈছিল বাবে এইবাৰো সাত দিনীয়াকৈ অনুষ্ঠিতব্য় প্ৰতিযোগতাত সাফল্য় অৰ্জন কৰিব বুলি উদ্য়োক্তাসকলে আশা প্ৰকাশ কৰিছে ।

উল্লেখ্য় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনাই অসমীয়া ভাষা-সংস্কৃতি গঠনত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা অংকীয়া নাটে অসমীয়া সংস্কৃতিৰ ঐতিহ্য় বহন কৰি আহিছে (Sri Sri Madhavadeva) । ভাওনা শব্দৰ অৰ্থ হৈছে ভাও দি দেখুওৱা এক আকৰ্ষণীয় কাৰ্য । অংকীয়া নাটৰ অভিনয়কহে দৰাচলতে ভাওনা বোলা হয় । বৰ্তমান এনে নাটক ভাওনা বুলি হয় । আনহাতে, ৰচনাক নাটলেখা বুলি আখ্য়া দিয়া হয়।

লগতে পঢ়ক:Pilgrims vehicle accident: ৰৈ থকা ট্ৰাকত তীৰ্থযাত্ৰী ভৰ্তি ট্ৰেভেলাৰৰ প্ৰচণ্ড খুন্দা; তিনিগৰাকী যাত্ৰী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.