ETV Bharat / state

চৰাইপুঙত ৰাইজে বন্ধ কৰিলে অসম-অৰুণাচল সংযোগী পথ

author img

By

Published : Oct 13, 2020, 7:08 PM IST

সোণাৰিৰ চৰাইপুংত অৰুণাচলী দুৰ্বিত্তৰ প্ৰহাৰত আহত অসমৰ দুই যুৱক । ক্ষুব্ধ ৰাইজে অবৰোধ কৰিলে অসম-অৰুণাচল সংযোগী পথ।

road block
road block

শিৱসাগৰ, 13 অক্টোবৰ : চৰাইদেউ জিলাৰ সোণাৰিৰ অসম অৰুণাচল সীমান্তৰ চৰাইপুংত উত্তপ্ত পৰিস্থিতি ৷ অৰুণাচলী দুৰ্বিত্তই দুজন অসমীয়া যুৱকক বিনা কাৰণত প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে অসম-অৰুণাচল সীমান্তৰ চৰাইপুংত ৷

অসমৰ চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰাইপুং অঞ্চলৰ নিবাসী টিবিয়েষ্ট মিঞ্জ আৰু মনজিৎ সন্দিকৈ নামৰ দুজন যুৱকক অৰুণাচলী দুৰ্বিত্তৰ প্ৰহাৰ কৰাৰ পাচত উত্তেজনাৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজৰ সহযোগত দল,সংগঠনে অৱৰোধ কৰি ৰাখিছে অসম-অৰুণাচল সংযোগী চৰাইপুংৰ মূল পথটো ৷ চৰাইপুঙ আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে ৷

উল্লেখযোগ্য যে ২০০৯ চনত এই স্থানত অনুৰূপ পৰিৱেশ সৃষ্টি হৈছিল আৰু তাৰ পাছত প্ৰায় এমাহৰ অধিক সময় সীমা বিবাদ হয় আৰু তীব্ৰ সংঘাত হয় অসম আৰু অৰুণাচল প্ৰদেশৰ লোকৰ মাজত । এতিয়া স্থানীয় লোকৰ দাবী শীঘ্ৰে দোষীক শাস্তি প্ৰদান কৰি পৰিৱেশ নিয়ন্ত্ৰণ কৰিব লাগে চৰকাৰে ।

লগতে পঢ়ক : উত্তৰ অসমবাসীৰ প্ৰতীক্ষাৰ অন্ত পেলাই চলিল ৰাজধানী এক্সপ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.