ETV Bharat / state

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট অসমীয়া যুৱকৰ এঙাৰৰ ছবি - জুবিন গাৰ্গ

এঙাৰেৰে ছবি আঁকি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান পালে আমগুৰিৰ যুৱকে ৷ ৭.১ ফুট দীঘল আৰু ৫.৬ ফুট বহল কাগজত এঙাৰেৰে ১১ মিনিটত হৰিণাৰ ছবি আঁকি গঢ়িলে এই ৰেকৰ্ড ৷

INDIA BOOK OF WORD RECORD
INDIA BOOK OF WORD RECORD
author img

By

Published : Sep 29, 2020, 9:18 AM IST

আমগুৰি, ২৯ ছেপ্টেম্বৰ : এঙাৰত অঁকা এখন ছবি ৷ চিত্ৰকৰ গৰাকী এজন অসমীয়া যুৱক ৷ তেওঁৰ নাম নিতু দাস ৷ ঐতিহাসিক শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ 5 নং ৱাৰ্ডৰ বাসিন্দা এইগৰাকী যুৱক ৷ ৭.১ ফুট দীঘল আৰু ৫.৬ ফুট বহল কাগজত এঙাৰেৰে ১১ মিনিটত হৰিণাৰ ছবি আঁকি গঢ়িলে এই ৰেকৰ্ড ৷

INDIA BOOK OF WORD RECORD
এঙাৰেৰে অঁকা ছবিখন
শিৱসাগৰ জিলাৰ আমগুৰিৰ এইজন শিল্পীৰ ব্যতিক্ৰমী চিত্ৰই ইতিমধ্যে বিশেষ সমাদৰ লাভ কৰিছে । ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ লগতে নিতু দাসে অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈও সক্ষম হৈছে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগত অধ্যয়নৰত নিতু দাসে অনুষ্ঠানিক শিক্ষা অবিহনে ৪/৫ বছৰ বয়সৰ পৰাই চিত্ৰ অংকন কৰি আহিছে ।

অভিনয় কৰি, জীৱ-জন্তুৰ মাত উলিয়াই ভাল পোৱা নিতু দাসে গুৱাহাটী, তিনিচুকীয়া, দিল্লী, বিহাৰকে ধৰি বিভিন্ন ঠাইত অভিনয় কৰি প্ৰশংসা বুটলিবলৈও সক্ষম হৈছে । সম্প্ৰতি কৃষক নেতা অখিল গগৈ, বিষ্ণু প্ৰসাদ ৰাভা, ড° ভূপেন হাজৰিকা, চাৰ্লি চেপলিন, হীৰেন ভট্টাচাৰ্য, দীপলিনা ডেকাকে ধৰি বহুজন সমাদৃত ব্যক্তিৰ চিত্ৰ অংকন কৰিছে তেওঁ ।

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট অসমীয়া যুৱকৰ এঙাৰৰ ছবি
আনহাতে কণ্ঠশিল্পী জুবিন গাৰ্গৰ এখন ছবি অসমীয়া, বাংলা আৰু হিন্দীৰ ৮৬৭ টা গীতৰ নামেৰে ছবি অংকন কৰিছে নিতু দাসে । আমগুৰিৰ লগতে শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনা নিতু দাসৰ চিত্ৰ ইতিমধ্যে বহুল সমাদৃত হোৱা লগতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : আৰক্ষী নিযুক্ত পৰিষদৰ নতুন অধ্যক্ষ ডিজিপি ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.