ETV Bharat / state

পুনৰ তলা ওলমিব শিৱদৌল-তলাতল ঘৰৰ প্ৰৱেশদ্বাৰত

author img

By

Published : Apr 16, 2021, 11:19 AM IST

Updated : Apr 16, 2021, 7:10 PM IST

ক’ভিড-19ৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ সকলো প্ৰাচীন কীৰ্তিচিহ্নৰ দুৱাৰ এমাহলৈ বন্ধ ৰখাৰ সিদ্ধান্ত কেন্দ্ৰীয় পূৰাতত্ব বিভাগৰ ৷ আগন্তুক 15 মে’ লৈ পৰ্যটকৰ বাবে বন্ধ থাকিব কীৰ্তিচিহ্নসমূহ ৷

ancient-monuments-will-close
এমাহলৈ বন্ধ প্ৰাচীন কীৰ্তিচিহ্নৰ দুৱাৰ

শিৱসাগৰ,16 এপ্ৰিল : পুনৰ তলা ওলমিব শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ দুৱাৰত ৷ ক’ৰণাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰাৰ লেখীয়াকৈ অসমতো পৰিছে ইয়াৰ বিৰূপ প্ৰভাৱ ৷ প্ৰতিষ্ঠা কালৰে পৰা প্ৰায় 300 বছৰ ধৰি বন্ধ নোহোৱা শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লৰ দ্বাৰ ভক্তসকলৰ বাবে পুনৰ বন্ধ হৈ পৰিব । লগতে বন্ধ হৈ পৰিব অসমৰ পৰিচয় শিৱসাগৰৰ ৰংঘৰৰ দুৱাৰ ৷ পৰ্যটকৰ বাবে বন্ধ হ’ব ঐতিহাসিক তলাতল ঘৰ, কাৰেং ঘৰ, চৰাইদেউ মৈদাম ।

পুনৰ তলা ওলমিব শিৱদৌল-তলাতল ঘৰৰ প্ৰৱেশদ্বাৰত

কেন্দ্ৰীয় পূৰাতত্ব বিভাগৰ তত্ত্বাৱধানত থকা ভাৰতৰ সকলো প্ৰাচীন কীৰ্তিচিহ্ন দশৰ্কৰ বাবে পুনৰ বন্ধ হৈ পৰিব । এই কথা সদৰি কৰে স্বয়ং পূৰাতত্ব বিভাগৰ সঞ্চালকে ।

ancient-monuments-will-close
এমাহলৈ বন্ধ প্ৰাচীন কীৰ্তিচিহ্নৰ দুৱাৰ

শুকুৰবাৰৰ পৰা তৎকালীনভাৱে বলৱৎ হোৱাকৈ এক নিৰ্দেশ জাৰি কৰে পূৰাতত্ব বিভাগে ৷ বিভাগে জাৰি কৰা নিৰ্দেশমৰ্মে আগন্তুক 15 মে’ পৰ্যন্ত কেন্দ্ৰীয় পূৰাতত্ব বিভাগৰ তত্বাৱধানত থকা সকলো প্ৰাচীন কীৰ্তিচিহ্ন বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ।

ক’ভিড-19ৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় পূৰাতত্ব বিভাগে গ্ৰহণ কৰিছে এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ আগ্ৰাৰ তাজমহল, লালকিল্লাকে ধৰি দেশৰ সকলো প্ৰাচীন কীৰ্তিচিহ্নৰ দুৱাৰ এমাহলৈ বন্ধ হৈ থাকিব বুলি পুৰাতত্ব বিভাগটোৱে সদৰি কৰে ৷ কেন্দ্ৰীয় পূৰাতত্ব বিভাগৰ পৰ্যবেক্ষণত থকা ভাৰতৰ সকলো প্ৰাচীন কীৰ্তিচিহ্ন বিভাগটোৰ আদেশ অনুসাৰে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বন্ধ থাকিব ।

লগতে পঢ়ক : গোলাঘাটত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন

Last Updated : Apr 16, 2021, 7:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.