ETV Bharat / state

নাজিৰাত ময়ূৰ বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অমিত শ্বাহে - Nazira

নাজিৰাৰ বিজেপি প্ৰাৰ্থী ময়ূৰ বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে বৰগোঁহাইক ভোট দিবলৈ ৰাইজক আহ্বান জনায় ৷

ময়ুৰ বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অমিত শ্বাহে

author img

By

Published : Mar 14, 2021, 8:05 PM IST

নাজিৰা,14 মাৰ্চঃ শিৱসাগৰ জিলাৰ নাজিৰাত বিজেপিৰ এক বিশাল জনসভাত দেওবাৰে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ অসম বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে নাজিৰাত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ নাজিৰাৰ বিজেপি প্ৰাৰ্থী ময়ূৰ বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে বৰগোঁহাইক ভোট দিবলৈ ৰাইজক আহ্বান জনায় ৷

কংগ্ৰেছৰ ৰাহুল গান্ধীৰ সৈতে কান্ধত থকা আজমলক ভোট দি অনুপ্ৰৱেশকাৰীক সুবিধা নিদিবলৈ আহ্বান জনাই অমিত শ্বাহে ৷ ভাষণ প্ৰসংগত শ্বাহে অসমৰ বান সমস্যাৰ স্থায়ী সমাধান কৰিব বুলিও ঘোষণা কৰে ৷ লগতে সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিজেপিৰ চৰকাৰ আহিলে বছৰি এক লাখকৈ নিবনুৱাক কৰ্ম সংস্থাপন দিব বুলি ঘোষণা কৰে ৷

ময়ূৰ বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অমিত শ্বাহে

ইপিনে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ অনুগ্ৰহত ৰাজনীতিলৈ অহা বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিতেশ্বৰ শইকীয়াৰ আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ এই নিৰ্বাচনী সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মাহমৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী যোগেন মহন, শিৱসাগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ লগতে মিত্ৰজোঁটৰ বহু কেইজন কৰ্মকৰ্তা উপস্থিত থাকে ৷

লগতে পঢ়কঃ কোনে স্থান পালে বিজেপিৰ তৃতীয় প্ৰাৰ্থী তালিকাত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.