ETV Bharat / state

নয়দাৰ 'জেকচন'ৰ হাতত বিক্ৰী আমগুৰিৰ সৌৰশক্তি প্ৰকল্প

author img

By

Published : Feb 8, 2021, 10:17 AM IST

Updated : Feb 8, 2021, 11:45 AM IST

নয়দাৰ 'জেকচন' নামৰ এটা ব্যক্তিগত কোম্পানীৰ হাতত বিক্ৰী হ'ল আমগুৰি সৌৰশক্তি প্ৰকল্প ৷ সৌৰশক্তি প্ৰকল্পটো ব্যক্তিগত কোম্পানীৰ হাতত বিক্ৰী হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ আমগুৰি অঞ্চলত সৃষ্টি হৈছে এতিয়া প্ৰতিক্ৰিয়া ৷

amguri-solar-power-project-for-sale-at-delhis-jackson
দিল্লীৰ 'জেকচন'ৰ হাতত বিক্ৰী আমগুৰিৰ সৌৰশক্তি প্ৰকল্প

আমগুৰি, ৮ ফেব্ৰুৱাৰী : আমগুৰি সৌৰশক্তি প্ৰকল্পটোক ব্যক্তিগত কোম্পানীৰ হাতত বিক্ৰী কৰাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ আমগুৰি অঞ্চলত ৷ চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ ভাৱে গৰিহণা দিয়ে টাই আহোম যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ লগতে বিধায়ক প্ৰদীপ হাজৰিকাই ৷ বিধায়ক গৰাকীয়ে সৌৰশক্তি প্ৰকল্পক লৈ ৰাজনৈতিক বিষয় নকৰিবলৈ সকীয়াই দিয়ে চৰকাৰক । বিধায়ক গৰাকীয়ে আমগুৰি সৌৰশক্তি প্ৰকল্পটো নয়দাৰ জেকচন নামৰ এটা ব্যক্তিগত কোম্পানীক ১০২০ বিঘা মাটিকালিসহ ২৫ বছৰৰ বাবে লীজত দি বিক্ৰী কৰাৰ বাবে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

ইফালে,টাই আহোম যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে সৌৰশক্তি প্ৰকল্পৰ পৰা স্থানীয় শিক্ষিত যুৱকে কৰ্মসংস্থাপন লাভৰ পৰা বঞ্চিত হ'ব বুলি প্ৰকাশ কৰি প্ৰকল্পটোৰ পৰা কিমানজন শিক্ষিত যুৱকে কৰ্মসংস্থাপন লাভ কৰিব তাক ৰাজহুৱা কৰিবলৈ দাবী জনায়। আনহাতে নিবিদা লাভ কৰা জেকচন কোম্পানীটোৱে অসম চৰকাৰৰ কোনো ধৰণৰ নীতি-নিয়ম নমনাকৈ ময়-মতালিৰে সৌৰশক্তি প্ৰকল্প নিৰ্মাণকাৰ্য চলাই নিয়াৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ সদস্য সকলে । জাতীয় সংগঠনটোৱে শিৱসাগৰ জিলা উপায়ুক্তক এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি জেকচন কোম্পানীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

অন্য এক খবৰৰ বাবে: কাছাৰত বিজেপিৰ সন্মিলনী সভা

Last Updated : Feb 8, 2021, 11:45 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.