ETV Bharat / state

চেনিটাইজেশ্যনত নামিল বিধায়ক প্ৰদীপ হাজৰিকা - বিধায়ক প্ৰদীপ হাজৰিকা

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই বিভিন্ন সামাজিক কামত ব্যস্ত হৈ থকাৰ সময়তে এইবাৰ তেওঁ ব্যস্ত হৈ পৰিছে আমগুৰিত নগৰ চেনিটাইজ কৰা কামত ৷ পিঠিত স্প্ৰে লৈ তেওঁ নিজেই চেনিটাইজ কৰিছে আমগুৰি নগৰত ৷

MLA Pradip Hazarika busy in senitization
এইবাৰ চেনিটাইজেশ্যনত নামিল বিধায়ক প্ৰদীপ হাজৰিকা
author img

By

Published : Jul 19, 2020, 12:11 PM IST

আমগুৰি, 19 জুলাই : বিগত কিছুদিন ধৰি ভিন্ন ৰূপত দেখা গৈছে শিৱসাগৰৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক ৷ কোনোবা এদিন যদি ব্যস্ত কঠীয়া সিঁচাত, আন কোনোবা এদিন আকৌ পথাৰত ৰোৱনী ৰূপত ভুঁই ৰোৱাত, মৈ টনাত, পথাৰৰ আলি দিয়াত ব্যস্ত হৈ পৰিছে বিধায়কগৰাকী ।

বিধায়ক হাজৰিকাক এইবাৰ দেখিবলৈ পোৱা গৈছে পিঠিত স্প্ৰে মেচিন লৈ চেনিটাইজ কৰা কামত । আমগুৰিত নগৰৰ মানুহক সজাগ আৰু সচেতন কৰিবৰ বাবে নিজেই পিঠিত স্প্ৰে মেচিন লৈ চেনিটাইজেশ্যন কৰাত ব্যস্ত হৈ পৰিছে বিধায়কগৰাকী ৷

এইবাৰ চেনিটাইজেশ্যনত নামিল বিধায়ক প্ৰদীপ হাজৰিকা
উল্লেখ্য যে, বিধায়কগৰাকীয়ে নিজা ভূঞাহাট পঞ্চায়তৰ বহু পৰিয়ালৰ বাসগৃহ চেনিটাইজ কৰাৰ লগতে আমগুৰি নগৰতো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে সমগ্ৰ নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ চেনিটাইজ কৰে । আমগুৰি নগৰত ক্ৰমাৎ ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিধায়ক হাজৰিকাৰ চেনিটাইজেশ্যনৰ এই পদক্ষেপক আদৰণি জনাইছে সচেতন মহলে ।

লগতে পঢ়ক : ৰাজ্যৰ বানত এইপৰ্যন্ত মৃত্যু 84 গৰাকীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.