শিৱসাগৰ, 27 মে' : জ্যেষ্ঠ অগপ নেতা, প্ৰাক্তন মন্ত্ৰী তথা শিৱসাগৰ জিলা অন্তৰ্গত আমগুৰি বিধানসভা সমষ্টিৰ অগপ দলৰ বিধায়ক প্ৰদীপ হাজৰিকা আক্ৰান্ত হৈছে ক'ভিডত ৷ বৰ্তমান বিধায়কগৰাকীক শিৱসাগৰ নগৰস্থিত আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷
যদিও বিধায়ক গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে তথাপিও তেওঁৰ দেহত বৰ্তমানলৈকে ক'ভিডৰ কোনো লক্ষণ দেখা নাই ৷ ইফালে বিধায়ক প্ৰদীপ হাজৰিকাৰ আটাইকেইজন দেহৰক্ষীৰ ক'ভিড পৰীক্ষা কৰা হৈছে আৰু আটাইকেইজনৰে ক'ভিড ফলাফল নিগেটিভ বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:ডিগবৈত অবৈধ তেল ভাণ্ডাৰ উৎখাত