ETV Bharat / state

আমগুৰিত চুলাই বেপাৰীক আটক - জেহেনীয়া গাঁও

আমগুৰিত চুলাই মদ নিবলৈ আহি মহিলাৰ হাতত বন্দী হ'ল সোনা নেওগ ওৰফে প্ৰদীপ নেওগ নামৰ চুলাই বেপাৰীটো ৷ বিগত 4-5 বছৰ ধৰি চুলাই বিক্ৰী কৰি অহা সোনা নেওগক আমগুৰিৰ মহিলাসকলে কৰায়ত্ত্ব কৰি আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে বেপাৰীটোৰ পৰা চুলাই মদ নিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী আৰু এখন চাইকেল জব্দ কৰিবলৈ সক্ষম হয় ।

আমগুৰিত চুলাই বেপাৰীক আটক
আমগুৰিত চুলাই বেপাৰীক আটক
author img

By

Published : Apr 15, 2020, 2:09 PM IST

আমগুৰি, ১৫ এপ্ৰিলঃ বুধবাৰে আমগুৰিত চুলাই মদ নিবলৈ আহি মহিলাৰ হাতত বন্দী হ'ল চুলাই বেপাৰী। সোনা নেওগ ওৰফে প্ৰদীপ নেওগ নামৰ চুলাই বেপাৰীটোৰ ঘৰ চামগুৰি নপাম গাঁৱত বুলি জানিব পৰা গৈছে ।

আমগুৰিত চুলাই বেপাৰীক আটক
উল্লেখ্য যে,আমগুৰি জেহেনীয়া গাঁৱৰ চুলাই বেপাৰী কুশল গগৈৰ ঘৰৰ পৰা চুলাই নিবলৈ আহিছিল সোনা নেওগ নামৰ চুলাই বেপাৰীটোৱে ৷ বিগত 4-5 বছৰ ধৰি চুলাই বিক্ৰী কৰি অহা সোনা নেওগক আমগুৰিৰ মহিলাসকলে কৰায়ত্ত্ব কৰি আৰক্ষীক চমজাই দিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইতিমধ্যে বেপাৰীটোৰ পৰা চুলাই মদ নিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী আৰু এখন চাইকেল জব্দ কৰে ।আনহাতে, মহিলাসকলৰ অভিযোগ অনুসৰি আমগুৰিৰ জেহেনীয়া গাঁৱত দীৰ্ঘদিন ধৰি বহু পৰিয়ালে চুলাই ব্যৱসায় কৰি অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছে ৷ আমগুৰি আবকাৰী বিভাগৰ নিস্ক্ৰিয়তাৰ কাৰণে চুলাই বেপাৰীৰ ৰম্যভূমিলৈ পৰিণত হৈছে জেহেনীয়া গাঁও।লগতে পঢ়কঃ নগাঁৱৰ সূতাৰ গাঁৱত খাদ্য সুৰক্ষাৰ চাউল বিতৰণক লৈ উত্তেজনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.