ETV Bharat / state

নিজ কৃৰ্তিত্বৰে উজ্জলিছে এঞ্জেল প্ৰিয়া - আমগুৰিৰ এঞ্জেল প্ৰিয়া সমগ্ৰ দেশতে উজলিছে

ক্ৰীড়াৰ প্ৰতি থকা আত্ম বিশ্বাসৰ বাবে আজি আমগুৰিৰ এঞ্জেল প্ৰিয়া সমগ্ৰ দেশতে উজলি উঠিছে । কিশোৰীগৰাকীয়ে অতি কম বয়সতে সৰ্বাধিক সংখ্যক সোণৰ পদ লাভ কৰিবলৈ সক্ষম হৈছে (Amguri girl makes history)। এঞ্জেলৰ সফলতাত আনন্দিত আমগুৰিবাসী ।

taekwondo
আমগুৰিৰ এঞ্জেল প্ৰিয়াৰ কৃতিত্ব
author img

By

Published : May 5, 2022, 3:59 PM IST

আমগুৰি, ৫ মে' : এটাৰ পাছত আনটো সোণৰ পদক । টাইকোৱাণ্ডোৰ জৰিয়তে জিলা আৰু ৰাজ্যিক পৰ্যায়ত সৰ্বাধিক সোণ লাভ কৰা কিশোৰী হিচাপে চিহ্নিত হৈছে আমগুৰিৰ এঞ্জেল প্ৰিয়া শইকীয়া (Amguri girl won 8 medals in Taekwondo)। অসম বুক অৱ ৰেকৰ্ডছতো নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৮ বছৰীয়া এঞ্জেল প্ৰিয়া । কিশোৰীগৰাকীৰ সফলতাত আনন্দিত পৰিয়াল লগতে স্থানীয় লোকসকল । বৰ্তমান আমগুৰি ডনবস্ক' বিদ্যালয়ৰ ছাত্ৰী এঞ্জেল প্ৰিয়াই ৮ বছৰত ৮ টাকৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

আমগুৰিৰ এঞ্জেল প্ৰিয়াৰ কৃতিত্ব

এঞ্জেল প্ৰিয়াই মাত্ৰ ৪ বছৰ বয়সতে ৰাজ্যিক পৰ্যায়ত প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰিছিল । টাইকোৱাণ্ডোৰ ব্লেক বেল্টধাৰী এঞ্জেলপ্ৰিয়াই দুটা ইভেন্টত শ্ৰেষ্ঠ যুঁজাৰুৰ কৃতিত্বও অৰ্জন কৰিছে । সেই সূত্ৰেই এঞ্জেল প্ৰিয়া অসমৰ সৰ্বাধিক সংখ্যক স্বৰ্ণ পদক অৰ্জনকাৰী প্ৰথম কিশোৰী হিচাপে স্বীকৃতি লাভ কৰি অসম বুক অৱ ৰেকৰ্ডছত (Assam Book of Records) নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

কেইবাখনো জিলাত ইতিমধ্যে পদক অৰ্জন কৰি প্ৰশংসাৰ পাত্ৰ হৈছে কণমানি খেলুৱৈগৰাকী । কণমানি এঞ্জেল প্ৰিয়াৰ সপোন হৈছে দেশৰ হৈ অলিম্পিক খেলা । ইয়াৰোপৰি খেলুৱৈগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিশেষ আহ্বান জনাইছে । তেওঁ প্ৰশিক্ষণ লৈ থকা বিদ্যালয়খনৰ অভাৱ অভিযোগবোৰ যাতে সোনকোলে পূৰ্ণ কৰে ।

লগতে পঢ়ক :হাতত ধনু-কাঁড় লৈ কোন এওঁলোক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.