ETV Bharat / state

আমগুৰিৰ শ্ৰীশ্ৰী ৰতনপুৰ সত্ৰত ত্ৰি-বাৰ্ষিক দৌল মহোৎসৱ - কৰ'ণা ভাইৰাছ

আমগুৰিস্থিত শ্ৰীশ্ৰী ৰতনপুৰ সত্ৰৰ ত্ৰি-বাৰ্ষিক দৌল মহোৎসৱ উপলক্ষে সত্ৰখনত আহি উপস্থিত হয় আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী ৷ দৌল মহোৎসৱ উপলক্ষে ব্যাপক উচাহ দেখা গ'ল আমগুৰিৰ শ্ৰীশ্ৰী ৰতনপুৰ সত্ৰত ৷

ত্ৰি-বাৰ্ষিক দৌল মহোৎসৱ
ত্ৰি-বাৰ্ষিক দৌল মহোৎসৱ
author img

By

Published : Mar 10, 2020, 10:04 AM IST

আমগুৰি,10 মাৰ্চঃ দৌল মহোৎসৱ উপলক্ষে ব্যাপক উচাহ দেখা গ'ল আমগুৰিৰ শ্ৰীশ্ৰী ৰতনপুৰ সত্ৰত ৷ আমগুৰিৰ নামতি ষ্টেচন চাৰিআলিত অৱস্থিত শ্ৰীশ্ৰী ৰতনপুৰ সত্ৰৰ ত্ৰি-বাৰ্ষিক দৌল মহোৎসৱ উপলক্ষে সত্ৰখনত উপস্থিত হয় শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী ৷ সত্ৰাধিকাৰ গৰাকীক আদৰণি জনায় সত্ৰত ভকত বৈষ্ণৱে ৷ ফল্গোৎসৱৰ প্ৰাকক্ষণত সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছ নিবাৰণ হৈ মানুহৰ মাজত পুনৰ শান্তি প্ৰতিষ্ঠা হোৱাৰ কামনা ব্যক্ত কৰিলে সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে ৷ ইয়াৰোপৰি এই বিজাণুৰ বাবে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পৰম্পৰাত বিঘিনি জন্মিছে বুলিও মন্তব্য সত্ৰাধিকাৰ গৰাকীৰ ৷

আমগুৰিৰ শ্ৰীশ্ৰী ৰতনপুৰ সত্ৰত ত্ৰি-বাৰ্ষিক দৌল মহোৎসৱ

লগতে পঢ়কঃ মৰিগাঁৱত দৌলোৎসৱৰ সোণালী জয়ন্তী পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.