ETV Bharat / state

আমগুৰিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন

author img

By

Published : Feb 15, 2020, 2:26 AM IST

আমগুৰিত নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ ৷ প্ৰতিবাদত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ লুণ্ঠন বন্ধৰ দাবী আৰু অখিল গগৈৰ লগতে সকলো কা বিৰোধী কাৰাবন্দীৰ মুক্তিৰ দাবী উত্থাপন কৰে ৷

Amguri Caa Protest by SMSS & KMSS
আমগুৰিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন

আমগুৰি,১৪ ফেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ আমগুৰিত বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সাত শতাধিক মহিলাই নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা লগতে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ লুণ্ঠন বন্ধৰ দাবী আৰু অখিল গগৈৰ লগতে সকলো কা বিৰোধী কাৰাবন্দীৰ মুক্তিৰ দাবীত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে আমগুৰিৰ দেওবৰীয়া বজাৰ গৃহৰ পৰা আমগুৰি নগৰৰ মাজেৰে প্ৰতিবাদী ৰেলি কৰি আমগুৰি ৰাজহ চক্ৰ কাৰ্যলয় ঘেৰাও কৰে । প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,কা আমি নামানো, অখিল গগৈক মুক্তি দিয়ক, ধৈৰ্য কোঁৱৰক মুক্তি দিয়ক, বিতু সোণোৱালক মুক্তি দিয়ক, মানস কোঁৱৰক মুক্তি দিয়ক, সকলো কা বিৰোধী কাৰাবন্দীক মুক্তি দিয়ক, আমাক নিয়া নালাগে, আমাক ন্যায় লাগে, গণতন্ত্ৰ ৰক্ষা কৰক, মাইক্ৰ'ফাইনেন্সৰ লুণ্ঠন বন্ধ কৰক, মেনেজাৰ আৰু কালেক্টৰে ঘৰে ঘৰে গৈ মানসিক নিৰ্যাতন আৰু ভয় ভাবুকি দিয়া বন্ধ কৰক, ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম মানি চলক আদি শ্ল'গানেৰে প্ৰতিবাদী ৰেলী কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।

লগতে পঢ়ক:ভাৰতৰ শীৰ্ষ উদ্যোগপতিৰে মিলিত হ'ব ট্ৰাম্প

চক্ৰবিষয়া কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী সভাত ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই কয় যে, বি জে পি চৰকাৰে ষড়যন্ত্ৰ মূলক ভাবে কা বিৰোধী আন্দোলন কৰা বাবে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈসহ কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ বিষয়ববীয়া সকলক বন্দী কৰি ৰাখিছে । আৰু চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত নিয়াই কৃষক নেতা জনৰ লগতে সকলো কাৰাবন্দীক যি মাওবাদী সজাবলৈ উঠি পৰি লাগিছে সেই বিষয়টোক তীব্ৰ ধিক্কাৰ দিয়ে । অখিল গগৈ লগতে সকলো কাৰাবন্দীৰ মুক্তিৰ দাবী জনায় । লগতে ২০২১ চনত বি জে পিক অসমীয়া ৰাইজে উৎখাট কৰিব বুলি জনায় । ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান সমূহে যেতিয়ালৈকে সংগঠনটোৰ দাবী সমূহ মানি নলব তেতিয়ালৈকে কিস্তি প্ৰদান নকৰে বুলি কোৱাৰ লগতে কাইলৈ পৰা গাঁও অঞ্চলত বা মহিলা সকলৰ ঘৰত কিস্তি বিচাৰি জোৰ জুলুম, মানসিক নিৰ্যাতন, ভয় ভাবুকি খুৱাই তেতিয়া ৰাইজ আৰু মহিলা সকলে ধৰি বান্ধি প্ৰশাসনক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক:‘2021ৰ নিৰ্বাচনত কংগ্ৰেছৰ টাৰ্গেট মিছন 80’-ৰিপুণ বৰা

প্ৰতিবাদস্থলীত শিৱসাগৰ জিলাৰ কৃষক মুক্তিৰ যুটীয়া সম্পাদক প্ৰণয় হাজৰিকা, ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলাৰ সভাপতি পৰাশৰ কোঁৱৰ, সম্পাদক সীমান্ত গগৈ, আমগুৰি আৰু বৰাহীবাৰী আঞ্চলিকৰ ৰবীন হাজৰিকা, আদিত্য গগৈ, অভিলেখ গগৈ নাৰী মুক্তিৰ ৰুমী ফুকন, বৰ্ণালী বৰা, পঞ্চমী গগৈ, নিভা কোঁৱৰ, আহোম জাতীয় গণমঞ্চৰ উদয়াদিত্য বৰা, টাই আহোম ছাত্ৰ সন্থাৰ আদিত্য ৰুচাও, গৌতম দিহিঙীয়া উপস্থিত থাকে । প্ৰতিবাদকাৰী সকলে মাইক্ৰ'ফাইনেন্সৰ সম্পৰ্কত চক্ৰবিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক:ছাৰ্জিল ইমামক অনাৰ বাবে দিল্লীত বাহৰ পাতি আছে অসম আৰক্ষীৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.