আমগুৰি, ৭ মাৰ্চ : আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ক্ৰমাৎ গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক মহল ৷ প্ৰায় সংখ্যক ৰাজনৈতিক দলেই বৰ্তমান ঘোষণা কৰিছে অধিকাংশ সমষ্টিৰ প্ৰাৰ্থী তালিকা ৷ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতেই বহু সমষ্টিত নিজ নিজ পচন্দৰ প্ৰাৰ্থীয়ে টিকট লাভ নকৰাত ক্ষোভৰ সৃষ্টি হৈছে দলীয় নেতা কৰ্মীৰ মাজত ৷ ব্যতিক্ৰম নহয় ১০৩ নং আমগুৰি বিধানসভা সমষ্টিও ৷ আমগুৰিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অংকিতা দত্তই প্ৰাৰ্থীত্ব লাভ কৰাৰ বিপৰীতে মিত্ৰজোঁটৰ পৰা অগপ দলৰ প্ৰদীপ হাজৰিকাক সমষ্টিটোৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে । ইয়াৰ পাছতেই মিত্ৰজোঁটৰ বিজেপি দলৰ নেতা-কৰ্মীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । দেওবাৰে এই সন্দৰ্ভত আমগুৰিস্থিত বিজেপি দলৰ গ্ৰাম্য মণ্ডল কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে দলটোৰ নেতৃত্বই ৷
আমগুৰি সমষ্টিৰ দলটোৰ নেতা কৰ্মীসকলে সমষ্টিটোত দলৰ এগৰাকী প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰি বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতাৰ বাবে সুযোগ দিবলৈ ঊৰ্ধতম কৰ্তৃপক্ষলৈ আহ্বান জনায় । আমগুৰি সমষ্টিৰ দলটোৰ নেতা কৰ্মীসকলে নিৰ্বাচনত কাক সমৰ্থন কৰিব, সেই ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰে ৷ তদুপৰি দলৰ তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীও ঊৰ্ধতম কৰ্তৃপক্ষৰ সিদ্ধান্তত অসন্তুষ্ট হোৱাৰ কথা উল্লেখ কৰে আমগুৰি সমষ্টি বিজেপি দলৰ নেতা কৰ্মীসকলে ৷ তেওঁলোকে আমগুৰি সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজৰ কোনোবা এগৰাকীক প্ৰাৰ্থীত্ব প্ৰদান কৰি দলৰ সাংগঠনিক ভিত্তিক আগবঢ়াই নিয়াৰ আহ্বান জনায় ঊৰ্ধতম কৰ্তৃপক্ষক ।
লগতে পঢ়ক : অগপৰ শেহতীয়া স্থিতি সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ প্ৰতিক্ৰিয়া