ETV Bharat / state

শ-শ দুষ্প্ৰাপ্য প্ৰজাতিৰ বাদুলিৰে ভৰিছে আমগুৰিৰ দিকচু - Mammalia

কালৰ সোঁতত হেৰাই যাব ধৰিছে বহু দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণী ৷ তাৰে ভিতৰত অন্যতম স্তন্যপায়ী পক্ষী হৈছে বাদুলি ৷ শিৱসাগৰ জিলাৰ আমগুৰিৰ দিকচুত এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ কিয়নো ইয়াত দেখিবলৈ পোৱা গৈছে শ-শ দুষ্প্ৰাপ্য প্ৰজাতিৰ বাদুলি ৷

Amguri Bats Story
কালৰ সোঁতত হেৰাই যোৱা শ-শ বাদুলিৰ ক্ৰীড়া দিকচুত
author img

By

Published : Aug 2, 2021, 1:57 PM IST

Updated : Aug 2, 2021, 4:21 PM IST

আমগুৰি,2 আগষ্ট: অসমৰ গ্ৰামাঞ্চলৰ পৰা ক্ৰমে হেৰাই যাবলৈ ধৰিছে বহু স্তন্যপায়ী প্ৰাণী । গ্ৰামাঞ্চলৰ পৰা ক্ৰমান্বয়ে হাবি-জংঘল কমি যোৱাৰ ফলত এনে স্তন্যপায়ী প্ৰাণীৰ বাসস্থান নাইকিয়া হ'বলৈ আৰম্ভ হৈছে । ওখ গছবোৰ কাটি পেলোৱাৰ ফলতো স্তন্যপায়ী প্ৰাণীৰ বাসস্থান হৈ পৰিছে সীমিত ।

এনে এবিধ দুষ্প্ৰাপ্য স্তন্যপায়ী প্ৰাণী হৈছে বাদুলি । বাদুলি হ'ল পৃথিৱীৰ একমাত্ৰ উৰণ ক্ষমতা বিশিষ্ট স্তন্যপায়ী প্ৰাণী । শিৱসাগৰ জিলাৰ আমগুৰিৰ দিকচুত এতিয়া দেখিবলৈ পোৱা গৈছে কেইবা শতাধিক বাদুলি। দিকচু গাঁও পঞ্চায়তৰ সমীপত এখন জংঘলত থকা ওখ গছবোৰত যোৱা বহু বছৰ ধৰি বাদুলিয়ে বসতি স্থাপন কৰি আহিছে ।

মানুহৰ পৰা দূৰত্ব বজাই ৰাখি বগীজামু গছত বসতি স্থাপন কৰি আহিছে এই সমূহ দুষ্প্ৰাপ্য প্ৰজাতিৰ বাদুলিয়ে ।

শ-শ দুষ্প্ৰাপ্য প্ৰজাতিৰ বাদুলিৰে ভৰিছে আমগুৰিৰ দিকচু

ওখ গছৰ লঠঙা ডালত ওলমি মানুহৰ পৰা দূৰত্ব বজাই ৰাখি বসতি স্থাপন কৰা বাদুলিবিধ প্ৰকৃতি প্ৰেমিৰো এতিয়া আকৰ্ষণৰ মূল কেন্দ্ৰ বিন্দু । এই অঞ্চলটোৰ ৰাইজে জনোৱা মতে, পৰাধীন ভাৰতৰ সময়চোৱাত এই অঞ্চলটোত আহি নিজৰ আধিপত্য বিস্তাৰ কৰিছিল বৃটিছ সকলে ৷ তেতিয়াৰ পৰাই এই অঞ্চলত বহু বন্য জীৱ-জন্তুৱেও স্থাপন কৰি আহিছে বসতি ৷

বিভিন্ন সময়ত বহু বন্য প্ৰাণী চোৰাং চিকাৰীৰ বলি হৈ আহিছে হৈছে যদিও বৰ্তমানেও এই অঞ্চলটোত দেখিবলৈ পোৱা যায় দুষ্প্ৰাপ্য প্ৰজাতিৰ বহু বাদুলী ৷ নিশাচৰ প্ৰাণী বাদুলিয়ে আন্ধাৰত সুকলমে উৰিব পাৰে ।

সৰু জাতৰ পতংগ আৰু মাংসভোজী বাদুলিয়ে চলন-ফুৰণ আৰু খাদ্য সংগ্ৰহৰ বাবে ইক'ল'কেশ্যন কৌশল অৱলম্বন কৰে । বাদুলিয়ে অতি শব্দৰ জৰিয়তে খাদ্য বস্তুৰ সন্ধান কৰি, অৱস্থিতি নিৰ্ণয় কৰে । ফলভক্ষী বাদুলিবোৰ দিনৰ ভাগত মূৰটো তলৰ ফালে দি ভৰি দুখনেৰে ওলমি থাকে।

লগতে পঢ়ক: বকোৰ এঘৰত আগচোতাল ভৰিছে শ শ টোকোৰা চৰায়ে

আনহাতে, পতংগ আৰু মাংসভোজী বাদুলিবোৰ গছৰ খোৰোং, বাঁহৰ চুঙা, ঘৰৰ চিলিং আদিত দিনৰ ভাগত লুকাই থাকে । বাদুলিৰ খাদ্যাভাস ভিন্ন ধৰণৰ । বাদুলিয়ে নিজৰ দেহৰ ওজনৰ ৫০ শতাংশ খাদ্য খাব পাৰে ।

খাদ্যৰ ভিতৰত ফল, ফুলৰ মৌ, কীট-পতংগ, মেৰুদণ্ডী সৰু প্ৰাণী, মহ-ডাহ, পঁইতাচোৰা আদি । বাদুলিয়ে এটা ৰাতিত ৩০০০ ৰ পৰা ৭০০০ টালৈ মহ ধৰি খাব পাৰে । মেৰুদণ্ডী প্ৰাণীৰ ভিতৰত ভেকুলি, মাছ, মকৰা আদি ধৰি খায় ।

বাদুলিয়ে পৰিৱেশৰ ভাৰসাম্যতা বজায় ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । বাদুলিৰ বিষ্ঠাৰ যোগেদি বংশবৃদ্ধি হয় বহু উদ্ভিদৰ । তাৰোপৰি অনিষ্টকাৰী কীট-পতংগ খাই বাদুলিয়ে পৰিৱেশ ৰক্ষা কৰি আহিছে ।

এনে বাদুলিৰ আবাসভূমি কমি অহাৰ ফলত বহু প্ৰজাতিৰ বাদুলি এতিয়া দুষ্প্ৰাপ্য হৈ পৰিছে । বাদুলিৰ আশ্ৰয়স্থলৰ সংকোচন, খাদ্যাভাস, প্ৰাকৃতিক দুৰ্যোগ, মানুহৰ দ্বাৰা অনিষ্ট আদি বিভিন্ন কাৰণত বাদুলিৰ সংখ্যা কমি আহিছে । এনে সময়তে শিৱসাগৰ জিলাৰ আমগুৰিৰ দিকচুত কেইবাশতাধিক বাদুলিৰ আশ্ৰয়স্থলে নিশ্চয়কৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।

লগতে পঢ়ক: পথৰ দাঁতিত টুপীমূৰীয়া বান্দৰৰ ক্ৰীড়া

Last Updated : Aug 2, 2021, 4:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.