শিৱসাগৰ, 26 জুলাই : কি চলিছে অ’এনজিচি(OMGC) অসম সম্পদৰ ভিতৰচ'ৰাত ? অনা অসমীয়া ব্যৱসায়ীৰ সৈতে মিলি এইবাৰ বেণ্টনাইটৰ চোৰাং বেহা চলাইছে নেকি একাংশই ! অ’এনজিচি অসম সম্পদৰ খনন-উৎপাদনৰ বাবে অহা হাজাৰ হাজাৰ টন বেণ্টনাইট(BENTONITE)ভেজাল কৰিছে কোনে ? এনে সহস্ৰাধিক প্ৰশ্নই এতিয়া জুমুৰি মাৰি ধৰিছে সকলোকে ৷
যি সময়ত অ’এনজিচি অসম সম্পদৰ উৎপাদন ক্ৰমে নিম্নগামী হ'ব ধৰিছে, অ’এনজিচি(ONGC)ক অইলৰ সৈতে চামিল কৰাৰ বাবে প্ৰয়াস চলিছে তেনে সময়তে অ’এনজিচিৰ একাংশ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে চোৰাং চক্ৰৰ সৈতে গোপন মিতিৰালি কৰাৰ অভিযোগ । অ’এনজিচিৰ অসম সম্পদৰ খনন-উৎপাদন কাৰ্যত ব্যৱহৃত বেণ্টনাইট নামৰ ৰাসায়নিক পদাৰ্থক লৈ অনা-অসমীয়া ব্যৱসায়ীৰ সৈতে মিলি ভেজালকৰণৰ অভিযোগ উত্থাপিত হৈছে । অ’ এন জি চি অসম সম্পদে আছাম-আৰাকান বেছিন আৰু শিলচৰ প্ৰজেক্টৰ খননৰ বাবে ১,৮০০ মেট্ৰিক টন বেণ্টনাইট গুজৰাটৰ স্কপ ইনগ্ৰিডেণ্টছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীৰ পৰা ক্ৰয় কৰিছিল ।
![BENTONITE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-svr-27th-july-802-bentonite-as10042_26072021161007_2607f_1627296007_951.jpg)
অ’এনজিচিৰ কোৱালিটি ক’ণ্ট্ৰল বিভাগে গুজৰাটৰ ভোজৰ পৰা আহিবলগীয়া এই বেণ্টনাইটসমূহৰ গুণাগুণ পৰীক্ষা কৰি ক্ৰয়ৰ চুক্তি সম্পন্ন কৰিছিল । সেই সূত্ৰে কিছুদিনৰ আগত যোৰহাটৰ ৰেল ৰেকত এইসমূহ বেণ্টনাইট আহি পোৱাৰ পাচত নিয়ম অনুসৰি বেণ্টনাইট সুৰক্ষিতভাৱে শিৱসাগৰৰ লাকুৱাস্থিত অ’ এন জি চিৰ গুডামত ৰখাৰ ব্যৱস্থা কৰিব লাগিছিল । কিন্তু ইয়াকে নকৰি বেণ্টনাইট যোগান ধৰা প্ৰতিষ্ঠানে বিনোদ কুমাৰ কৰনানি নামৰ পৰিবহন ভেণ্ডৰজনক এই সমস্ত বেণ্টনাইট যোৰহাটৰ দুজন অনা অসমীয়া ব্যৱসায়ীৰ গুডামত মজুত কৰাৰ নিৰ্দেশ দিয়ে ।
যাৰ বাবে শক্তি ষ্টিল আৰু বি ডি মিল নামৰ দুটা গুডামত এইসমূহ বেণ্টনাইট মজুত কৰা হয় । এনে অবৈধ মজুতকৰণৰ পাচত আৰম্ভ হৈছে বেণ্টনাইট ভেজালকৰণৰ এক ভয়ংকৰ কাণ্ড । বেণ্টনাইটৰ বস্তা খুলি ধূলি-বালি মিহলি কৰাৰ এক ভয়ানক অভিযোগ উত্থাপন হৈছে । আনহাতে এতিয়াও যোৰহাটৰ ৰেল ৰেকত উন্মুক্তভাৱে পৰি ৰৈছে এক বৃহৎ পৰিমাণৰ বেণ্টনাইট ।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে অ’এনজিচি অসম সম্পদৰ মেটেৰিয়েল মেনেজমেণ্ট বিভাগৰ প্ৰতি । কিয় এই বিভাগটোৱে যোৰহাট ৰেলৰেকত সমুদায় বেণ্টনাইট অহাৰ পাচত অ’এনজিচি অসম সম্পদৰ লাকুৱাস্থিত গুডামলৈ অনাৰ নিৰ্দেশ দিয়াৰ বিপৰীতে যোৰহাটৰ অনা অসমীয়া লোকৰ গুডামত প্ৰায় দহ দিন পেলাই ৰাখিছে । নিম্নমানৰ তথা ভেজালকৃত বেণ্টনাইট ব্যৱহাৰৰ ফলত খনন-উৎপাদনস্থলীত কোনো দুৰ্ঘটনা অথবা ক্ষয়-ক্ষতি হ’লে ইয়াৰ দায়িত্ব কোনে ল’ব সেই লৈও এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে ৷
লগতে পঢ়ক : অনিয়ন্ত্ৰণত অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি: মিজোৰ গুলীত নিহত 6 অসম আৰক্ষীৰ জোৱান