শিৱসাগৰ, 2 মাৰ্চ : শিৱসাগৰৰ দৌল উন্নয়ন পৰিষদৰ আজৱ কাণ্ড । মহাশিৱৰাত্ৰিৰ পূজা (Mahashivaratri in Sivasagar) আৰু মেলাৰ আয়োজনৰ নামত লাখ লাখ টকা খৰচ কৰা শিৱসাগৰৰ দৌল উন্নয়ন পৰিষদে অৰ্থৰ অভাৱ বুলি প্ৰচলিত বৈদিক ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত নকৰিলে মহা শিৱৰাত্ৰিৰ বিশেষ পূজা(Shivaratri Mahotsav at Sivadol) ৷ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত মহা শিৱৰাত্ৰিৰ বিশেষ পূজা প্ৰচলিত নিয়ম অনুসৰি পালন নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ লগতে মুক্তিনাথ শিৱদৌলত মহা শিৱৰাত্ৰিৰ তৃতীয় প্ৰহৰৰ পূজাভাগো আয়োজন নোহোৱাৰ অভিযোগ উঠিছে ৷ এই গুৰুতৰ অভিযোগ উত্থাপণ কৰিলে শিৱসাগৰৰ লাকী গগৈ নামৰ এগৰাকী সচেতন মহিলাই (Allegations of not observing Maha Shivaratri puja as per customary rules) ৷
মহিলাগৰাকীয়ে এই সন্দৰ্ভত শিৱসাগৰ জিলাৰ উপায়ুক্তক পত্ৰৰ জৰিয়তে সবিশেষ উল্লেখ কৰি কয় যে, 'আমি কেইগৰাকীমান ভক্তপ্ৰাণ ৰাইজে আজি পুৱতি নিশা প্ৰায় ২ বজাত মুক্তিনাথ শিৱদৌলত তৃতীয় প্ৰহৰৰ পূজা ভাগৰ বাবে উপস্থিত হৈছিলোঁ । মহাদেৱক স্মৰণ কৰি চৌহদত ধূপ-দ্বীপ আগবঢ়াই যেতিয়া দৌলৰ ভিতৰলৈ যাবলৈ আগবাঢ়িলোঁ, তেতিয়া গ'ম পালোঁ যে তৃতীয় প্ৰহৰৰ পূজা ভাগ সম্পন্ন কৰিবলৈ পূজাৰী উপস্থিত নাই । কিয় নাই জানিবলৈ চেষ্টা কৰিলোঁ; কিন্তু মন্দিৰ পৰিচালনা সমিতিৰ মানুহ বিচাৰি নাপালোঁ ৷'
![Sivadol shivratri puja in Sivasagar allegedly not performed as per rules](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-svr-02nd-mar-802-shiv-dol-as10042_02032022164706_0203f_1646219826_933.jpg)
লাকী গগৈয়ে উল্লেখ কৰা মতে, "সেই সময়ত শ্ৰী শ্ৰী বিষ্ণু দৌলত একাংশ ভক্তৰ লগতে মন্দিৰৰ লোকসকলো উপস্থিত আছিল ৷ মন্দিৰৰ লোকসকলক প্ৰশ্ন কৰাত তেওঁলোকে ধনৰ অভাৱত পূজাৰীক সম্পূৰ্ণ সময়ৰ বাবে অনা সম্ভৱ নহ‘ল বুলি জানিবলৈ দিয়ে ৷ লগতে নিশা ১২ বাজি ৩০ মিনিটতে মন্দিৰৰ পৰা পূজাৰী যোৱাৰ কথা কৈ পুৱা ৫ বাজি ৩০ মিনিটতহে পুনৰ আহিব বুলি কয় । অৰ্থাৎ মুক্তিনাথ শিৱদৌলত এইবাৰ মহা শিৱৰাত্ৰিৰ তৃতীয় প্ৰহৰৰ পূজাভাগ অনুষ্ঠিত নহ'ল ।"
![Sivadol shivratri puja in Sivasagar allegedly not performed as per rules](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-svr-02nd-mar-802-shiv-dol-as10042_02032022164706_0203f_1646219826_678.jpg)
ইফালে লাকী গগৈৰ এই অভিযোগ সন্দৰ্ভত দৌল উন্নয়ন সমিতিৰ সম্পাদক বসন্ত গগৈয়ে কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে । তেওঁ কয় যে, বৈদিক নিয়ম অনুসৰি শিৱ পূজা হোৱা শিৱসাগৰৰ শিৱদৌলত পূজাৰ সকলো বিষয় পূজাৰীয়ে চাই আৰু তেওঁ জনাত সকলো নিয়ম অনুসৰি পূজা সম্পন্ন হৈছে ।
লগতে পঢ়ক : মনোবাঞ্ছা পূৰণৰ বাবে আশীষ বিচাৰি শিৱদৌলত ভক্তৰ ভিৰ