আমগুৰি, ১৮ ছেপ্টেম্বৰ : সৰ্বত্ৰে উন্নয়নৰ ঢাক-ঢোল বজাই থকা চৰকাৰৰ দিনতে সঘনে পোহৰলৈ আহিছে দুৰ্নীতিৰ ন ন তথ্য ৷ অভিযোগ অনুসৰি, এইবাৰ দুৰ্নীতি সংঘটিত হৈছে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ চিন্তামণিগড়ত (Corruption at Amguri) ৷ এই অভিযোগ উত্থাপিত কৰিছে অঞ্চলটোৰ একাংশ ভুক্তভোগী ৰাইজে ৷
স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনস্থ চিন্তামণিগড় খনামুখ গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডত শৌচাগাৰ নিৰ্মাণত সংঘটিত হৈছে এই দুৰ্নীতি (Allegations of corruption at Amguri)৷ পঞ্চায়তটোৰ বহু দৰিদ্ৰ পৰিয়ালৰ অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণৰ নামত ঠিকাদাৰে চলাইছে এই লুণ্ঠনৰাজ ।
লগতে পঢ়ক : মাজুলী কৃষি বিভাগত দুৰ্নীতিৰ অভিযোগ
অঞ্চলটোত চৰকাৰী আঁচনিৰ লুণ্ঠনৰাজ চলাইছে ঠিকাদাৰ বিজয় বৰাই ৷ এই অভিযোগ ভুক্তভোগী লোকৰ ৷ অভিযোগ অনুসৰি, ঠিকাদাৰ বিজয় বৰাৰ অধীনত নিৰ্মাণ কৰা প্ৰতিটো শৌচাগাৰতে ব্যৱহাৰ কৰা হৈছে নিম্নমানৰ সা-সামগ্ৰী ৷
লগতে আন কিছুমান শৌচাগাৰ অৰ্ধনিৰ্মিত অৱস্থাতে পেলাই থৈছে ৷ সেয়ে এই ক্ষেত্ৰত উচিত তদন্ত কৰি বিভাগীয় কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়ক : Allegations of corruption in Sonitpur : পঞ্চায়তৰ কৰ্মকাণ্ডকলৈ ক্ষোভ শোণিতপুৰ বাঁহবাৰীৰ ৰাইজৰ