ETV Bharat / state

Corruption in Sivasagar: শিৱসাগৰত আৰম্ভৰ পূৰ্বেই ভাগিছে চৰকাৰী চিকিৎসালয় - Allegation Corruption

শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয় নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ নিৰ্মাণ কাৰ্যৰ দুবছৰ নহওঁতেই দেৱালত বৃহৎ বৃহৎ ফাঁট ৷ শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়া দল সংগঠনৰ (Corruption in Hospital Construction at Sivasagar) ৷

Corruption in Sivasagar
চিকিৎসালয় নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Apr 7, 2023, 7:52 AM IST

শিৱসাগৰত আৰম্ভৰ পূৰ্বে ভাগিছে চৰকাৰী চিকিৎসালয়

শিৱসাগৰ, 7 এপ্ৰিল: স্বাস্থ্য সেৱা উৎসৱৰ দিনাই শিৱসাগৰত উন্মোচিত হৈছে স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ (Swasthya Sewa Utsav 2023)৷ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত অট্টালিকাত বৃহৎ ফাঁট ৷ নিৰ্মাণকাৰ্যৰ দুবছৰ নৌহওঁতেই ধৰা পৰিল বিসংগতি ৷ এজাক বৰষুণ দিলেই ভৱনটোৰ ভিতৰত পৰে পানী ৷ মুকলি হোৱাৰ পূৰ্বেই ঠিকাদাৰী প্ৰতিষ্ঠানৰ নিম্ন মানদণ্ডৰ কামৰ ভয়ংকৰ পৰিণতি (Corruption in Sivasagar) ৷

MS SHIVAM TRUSTCON PVT LTD নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে লাভ কৰিছিল বিল্ডিং নিৰ্মাণৰ দায়িত্ব ৷ প্ৰায় ১০০ কোটি টকা ধাৰ্য কৰা হৈছিল শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয় নিৰ্মাণৰ বাবে ৷ নতুনকৈ নিৰ্মাণ কৰা প্ৰায় ১০০ খন বিচনাযুক্ত অত্যাধুনিক চিকিৎসালয়খনৰ ভৱনটোৰ দেৱালত এতিয়া দেখা পোৱা গৈছে বৃহৎ বৃহৎ ফাঁট ৷ লগতে এজাক বৰষুণতে ভৱনটোৰ ভিতৰখন জলমগ্ন হৈ পৰাৰ অভিযোগ ৷ নানা বিসংগতিৰে নৱনিৰ্মিত ভৱনটো নিৰ্মাণ কৰা হ'ল বুলি অভিযোগ কৰিছে শিৱসাগৰৰ বিভিন্ন দল-সংগঠনে (Corruption in Hospital Construction at Sivasagar) ৷

ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিসংগতিপূৰ্ণ নিম্নমানদণ্ডৰ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিভিন্ন দল-সংগঠনে ৷ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে শিৱসাগৰ জিলা আটাছুৱে ৷ স্বাস্থ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰাৰ লগতে কোটি টকা হৰলুকি কৰি ষড়যন্ত্ৰ কৰা ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে সংগঠনটোৱে ৷ উল্লেখযোগ্য যে এই নিম্নমানদণ্ডৰ নিৰ্মাণ কাৰ্যৰ কথা শিৱসাগৰ জিলা উপায়ুক্তই অৱগত হোৱাৰ পাচতে এতিয়া নিৰ্মাণৰ সম্পূৰ্ণ কাম জিলা উপায়ুক্তৰ তত্বাৱধানত চলি আছে (Sivasagar Civil Hospital) ৷

কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা এই চিকিৎসালয়খন নিৰ্মাণৰ নামত ঠিকাদাৰী প্ৰতিস্থানটোৱে কিমান টকাৰ দুৰ্নীতি কৰিলে বুলি প্ৰশ্ন কৰাৰ লগতে এই ক্ষেত্ৰত লোকনিৰ্মাণ বিভাগে ইমান দিনে কি কৰি আছিল বুলিও প্ৰশ্ন কৰিছে একাংশই ৷

উল্লেখযোগ্য যে, ৰাজ্যত এতিয়া এনেদৰেই চলিছে বহু চৰকাৰী বিভাগৰ গুৰুত্বপূৰ্ণ কাম ৷ ৰাইজৰ স্বাৰ্থলৈ পিঠি দি চৰকাৰী ধনৰ শৰাধেৰে লুটি-পুটি খোৱাত ব্যস্ত একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী তথা প্ৰতিষ্ঠান ৷

লগতে পঢ়ক: Hanuman Jayanti 2023; পাঠ্যপুথিৰ পৰা মোগল সম্ৰাজ্যৰ কথা বহু বছৰ আগতেই আঁতৰাব লাগিছিল : সত্যৰঞ্জন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.