ETV Bharat / state

HSLC students protest : পৰীক্ষা দীঘলীয়া হ’লে পৰীক্ষাত নবহাৰ হুংকাৰ পৰীক্ষাৰ্থীৰ - শিৱসাগৰটো ক্ষুব্ধ হৈ পৰিছে মেট্ৰিক পৰীক্ষাৰ্থীসকল

ৰাজ্যজুৰি মেট্ৰিক পৰীক্ষাৰ্থীৰ ক্ষোভ প্ৰকাশ (HSLC students protest)৷ চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ পুনৰ প্ৰশ্নকাকত ফাদিলক লৈ খঙত অগ্নিশৰ্মা হৈ পৰিছে পৰীক্ষাৰ্থীসকল ৷ পৰীক্ষা দীঘলীয়া হ’লে পৰীক্ষাত নবহাৰ হুংকাৰ পৰীক্ষাৰ্থীৰ ৷

HSLC students protest
ৰাজ্যজুৰি ছাত্ৰ সমাজৰ তীব্ৰ প্ৰতিবাদ
author img

By

Published : Mar 17, 2023, 10:00 PM IST

ৰাজ্যজুৰি ছাত্ৰ সমাজৰ তীব্ৰ প্ৰতিবাদ

নিউজ ডেস্ক, 17 মাৰ্চ : ৰাজ্যজুৰি ছাত্ৰ সমাজৰ তীব্ৰ প্ৰতিবাদ ৷ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ উত্তেজনা মাৰ নৌযাওতেই পুনৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱা প্ৰসংগক কেন্দ্ৰ কৰি ৰাজ্যজুৰি বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে এইবাৰ প্ৰতিবাদত বহিল মেট্ৰিক পৰীক্ষাৰ্থীসকলো ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ শিৱসাগৰটো ক্ষুব্ধ হৈ পৰিছে মেট্ৰিক পৰীক্ষাৰ্থীসকল (HSLC students protest) ৷

সংবাদ মাধ্যমৰ আগত মেট্ৰিক পৰীক্ষাৰ্থীসকলে কয়, ‘‘দুটামান টকাৰ বিনিময়ত কেইজনমান শিক্ষক, অভিভাৱক, ছাত্ৰ-ছাত্ৰীয়ে লাখ লাখ পৰীক্ষাৰ্থীৰ জীৱনৰ লগত খেলাৰ অধিকাৰ ক’ত পালে ? প্ৰথমে বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল আৰু এতিয়া অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল । স্বাভাৱিকতে পৰীক্ষাৰ্থীসকল মানসিকভাৱে ভাগি পৰা দেখা গৈছে ৷ লগতে চিন্তিত হৈ পৰিছে অভিভাৱকসকল’’ ।

ছেবা, শিক্ষামন্ত্ৰী, চৰকাৰ, প্ৰশাসন সকলোকে একমুখে ধিক্কাৰ দি প্ৰতিবাদী মেট্ৰিক পৰীক্ষাৰ্থীয়ে কয়, ‘‘নিজৰ অসাৱধানতা আৰু গাফিলতিৰ বাবে বাৰে বাৰে প্ৰশ্নকাকত ফাদিল হৈ থাকিব আৰু পৰীক্ষা বাতিল হৈ থাকে, তেন্তে মাহ মাহ ধৰি পৰীক্ষা দিবলৈ আমি মানসিকভাৱে অপৰাগ হৈ পৰিম । সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত দোষীয়ে উচিত শাস্তি পোৱাৰ লগতে এটা সুস্থ আৰু নিৰপেক্ষ তদন্ত হ’ব লাগে’’ ৷

শুকুৰবাৰে শিৱসাগৰ জিলাৰ আমগুৰি, গৌৰীসাগৰ আৰু নামতিতো পৃথকে পৃথকে সদৌ অসম ছাত্ৰ সন্থাই ডাঃ ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (HSLC students protest in Sivsagar) ।

নামতিত নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ শিক্ষা বিভাগ তথা অসম মাধ্যমিক শিক্ষা পৰিষদ(SEBA)ক ধিক্কাৰ দিয়ে । এই প্ৰতিবাদস্থলীতে আৰক্ষী আৰু আছুৰ কৰ্মীৰ মাজত কিছু হতাহতিৰো সৃষ্টি হয় ৷

ইয়াৰ উপৰিও ছেবাৰ এই কৰ্মকাণ্ডক একে মুখে ধিক্কাৰ দিয়ে ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান নলবাৰী শংকৰদেৱ একাডেমীৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে (HSLC students protest in Nalbari)। প্ৰশ্নকাকত ফাদিলে ছাত্ৰ-ছাত্ৰীসকলক হতাশাত ভুগাই এক মানসিক হাৰাশাস্তি কৰা বুলিও মত প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰীসকলে । লগতে শিক্ষকৰ দৰে এই পবিত্ৰ বৃত্তিত নিয়োজিত এগৰাকী শিক্ষক প্ৰশ্নকাকত ফাদিল হোৱা কাণ্ডত জড়িত হোৱাটো অতিকৈ দুখৰ বিষয় বুলিও মন্তব্য শিক্ষাৰ্থীসকলে ।

ইফালে যোৰহাটতো ছাত্ৰ সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, ছেবাৰ নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ পুত্তলিকা দাহ কৰে (HSLC students protest in Jorhat) । ছাত্ৰ সমাজে চৰকাৰক এই প্ৰতিবাদস্থলীৰ পৰাই ছাত্ৰ জীৱনক লৈ হেতালি নেখেলিবলৈ সকিয়নী প্ৰদান কৰে দি অতি শীঘ্ৰে শিক্ষামন্ত্ৰীক পদত্যাগ কৰিবলৈ দাবী জনায় ।

লগতে ছেৱাক পুনৰ সংস্কাৰ কৰিবলৈ আহ্বান জনায় । ছাত্ৰ সমাজে হঠাৎ গ্ৰহণ কৰা এই প্ৰতিবাদত কেইঘন্টামানৰ বাবে স্তব্ধ হৈ পৰে যোৰহাট নগৰ । ছাত্ৰ-ছাত্ৰীৰ এই অভিনব প্ৰতিবাদে যোৰহাট নগৰৰ প্ৰশাসনিক ব্যৱস্থাক জোকাৰি তোলে ।

লগতে পঢ়ক : HSLC students protest : মহানগৰীত মেট্ৰিক পৰীক্ষাৰ্থীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.