ETV Bharat / state

শিৱসাগৰত অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ ৰাইজৰ দলৰ নেতৃত্বৰ

author img

By

Published : Mar 3, 2021, 3:13 PM IST

বিধানসভা নিৰ্বাচনত ১০৮ নং শিৱসাগৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দিতা কৰিব কৃষক নেতা অখিল গগৈয়ে । বুধবাৰে অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাইজৰ দলৰ নেতৃত্বই । আগন্তুক সময়ত শিৱসাগৰ সমষ্টিবাসীয়ে এগৰাকী সংগ্ৰামী বিধায়ক তেওঁলোকৰ মাজত পাব বুলি মন্তব্য কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ নেতা ধৈৰ্য কোঁৱৰে ।

শিৱসাগৰত অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ ৰাইজৰ দলৰ নেতৃত্বৰ
শিৱসাগৰত অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ ৰাইজৰ দলৰ নেতৃত্বৰ

শিৱসাগৰ, ৩ মাৰ্চ: নিৰ্বাচনৰ পূৰ্বে ১০৮ নং শিৱসাগৰ সমষ্টি বৰ্তমান চৰ্চিত হৈ পৰিছে । কিয়নো, উক্ত সমষ্টিৰ পৰাই কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব । সেয়ে, শিৱসাগৰ সমষ্টিত নিৰ্বাচনী যুঁজ অধিক আকৰ্ষণীয় হৈ পৰিব বুলি ধাৰণা কৰা হৈছে । বুধবাৰে কৃষক নেতা অখিল গগৈৰ হৈ শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাইজৰ দলৰ সভাপতি মুনীন্দ্ৰ লাহন আৰু কাৰ্যকৰী সভাপতি অনুপ বৰপাত্ৰ গোহাঁয়ে ।

মনোনয়ন সংগ্ৰহৰ পিছতে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ নেতা ধৈৰ্য কোঁৱৰে কয় যে, মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে যেতিয়া বিধানসভা নিৰ্বাচনত ১০৮ নং শিৱসাগৰ সমষ্টিৰ পৰা অখিল গগৈয়ে প্ৰতিদ্বন্দিতা কৰাতো নিশ্চিত । আগন্তুক সময়ত শিৱসাগৰ সমষ্টিবাসীয়ে এগৰাকী সংগ্ৰামী বিধায়ক তেওঁলোকৰ মাজত পাব বুলিও মন্তব্য কৰে ধৈৰ্য কোঁৱৰে ।

ৰাইজৰ সহযোগিতাত অখিল গগৈয়ে শিৱসাগৰৰ বিধায়কৰূপে নিৰ্বাচিত হ'ব বুলি আশা ব্যক্ত কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে । আনহাতে, অখিল গগৈয়ে প্ৰতিদ্বন্দিতা কৰাতো নিশ্চিত হোৱাৰ পিছত সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপিয়ে কাক টিকট দিয়ে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:সৰুপথাৰত ব্যৱসায়ীক লুটপাত দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.