ETV Bharat / state

Akhil Gogoi react on Assam Meghalaya border conflict: ড৹ হিমন্ত বিশ্ব শৰ্মাক গৃহমন্ত্ৰীৰ পদ এৰাৰ দাবী অখিল গগৈৰ - Akhil Gogoi reactions on Assam Meghalaya border

অসম-মেঘালয় সীমান্তৰ ঘটনা সন্দৰ্ভত সংবাদ মেলযোগে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া (Akhil Gogoi reactions on Assam Meghalaya border conflict) ৷ দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা অসমৰ গৃহৰক্ষী জোৱানক শ্বহীদ ঘোষণা কৰিবৰ বাবে সংবাদমেল যোগে দাবী জনায় ৰাইজৰ দল তথা বিধায়ক অখিল গগৈয়ে ।

Akhil Gogoi reactions on Assam Meghalaya border conflict
Akhil Gogoi reactions on Assam Meghalaya border conflict: আন ৰাজ্যৰ দুৰ্বৃত্তই তাণ্ডৱ কৰাৰ বিৰুদ্ধে নীৰৱ অসমৰ মুখ্যমন্ত্ৰী
author img

By

Published : Nov 23, 2022, 7:49 PM IST

শিৱসাগৰ, 23 নৱেম্বৰ: অসম-মেঘালয় সীমান্তত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে(Akhil Gogoi reactions on Assam Meghalaya border conflict) । আজি এখন সংবাদমেলত(Akhil Gogoi press meet) ভাগ লৈ সমগ্ৰ ঘটনাটোত সন্দৰ্ভত অসম চৰকাৰৰ স্থিতি অতি দুৰ্ভাগ্যজনক বুলি আক্ষেপ প্ৰকাশ কৰে ৰাইজৰ দলৰ বিধায়কজনে । ঘটনাৰ সমস্ত দোষ অসম চৰকাৰে কেৱল অসম আৰক্ষীৰ ওপৰত জাপি দি গুজৰাট নিৰ্বাচনত ব্যস্ত হৈ পৰিছে বুলি সংবাদমেলখনত কয় অখিল গগৈয়ে ।

আন ৰাজ্যৰ দুৰ্বৃত্তই তাণ্ডৱ কৰাৰ বিৰুদ্ধে নীৰৱ অসমৰ মুখ্যমন্ত্ৰী: অখিল গগৈ

এছ পি গৰাকীক বদলি কৰাৰ লগতে অ'চিজনক নিলম্বনৰ কাৰণ স্পষ্ট কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ৰাইজৰ দলৰ বিধায়কজনে । অসমৰ মুখ্যমন্ত্ৰীৰ লগতে কোনো কেবিনেট মন্ত্ৰী এই পৰ্যন্ত ঘটনাস্থলীলৈ যোৱা নাই বুলি সমালোচনা কৰি শাসনাধিষ্ঠিত দলটোক তীক্ষ্ণ সমালোচনা কৰে অখিল গগৈয়ে । হেলিকপ্টাৰত উঠি বিয়া খাবলৈ যোৱা মুখ্যমন্ত্ৰীজনে ঘটনাস্থলীলৈ যাবলৈ আহৰি পোৱা নাই বুলিও বিধায়কজনে কটাক্ষ কৰে ।

দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা অসমৰ গৃহৰক্ষী জোৱানক শ্বহীদ ঘোষণা কৰিবৰ বাবে সংবাদমেল যোগে দাবী জনাই ৰাইজৰ দল তথা বিধায়ক অখিল গগৈয়ে । দিল্লীৰ ওচৰত নতজানু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিবৰ্তে অসম আৰক্ষীৰ ওপৰত গুণ্ডাগিৰি কৰিছে বুলিও তেওঁ কয় । অসমত ড° হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলোৱা বুলি উল্লেখ কৰাৰ লগতে ৰাজ্যৰ প্ৰতিগৰাকী মন্ত্ৰী-বিধায়ককে ক্ষমতাহীন কৰি পেলাইছে বুলি সংবাদমেলখনত কয় বিধায়ক অখিল গগৈয়ে ৷

চুবুৰীয়া ৰাজ্যৰ পৰা অসমত আহি তাণ্ডৱ চলোৱা দুৰ্বৃত্তৰ বিৰুদ্ধে নীৰৱ অসমৰ মুখ্যমন্ত্ৰী । শিৱসাগৰৰ বিহুবৰত নগা আৰক্ষীয়ে অসমৰ ভূমিত থকা দোকান উচ্ছেদ কৰাক লৈয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰে অখিল গগৈয়ে । মুখ্যমন্ত্ৰীজনে অসমৰ ভূমি মেঘালয় ,নাগালেণ্ড ,মিজোৰামক এৰি দিয়াৰ পাছতো সীমান্তত হিংসা হ্ৰাস কৰিব পৰা নাই কিয় বুলিও জবাবদিহি কৰে গগৈয়ে ?

গুৱাহাটীত দিন দুপৰতে পূৰৱী ডায়েৰীৰ কৰ্মচাৰীক গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়কজনে ৷ আইন, শান্তি-শৃংখলা ৰক্ষা কৰিব নোৱৰা ড° হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগৰ দাবী তোলে বিধায়ক অখিল গগৈয়ে ।

আনহাতে, বীৰ লাচিত বৰফুকনৰ গৰিমা সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ লোৱা কাৰ্য আদৰণীয় যদিও বিজেপি আৰ এছ এছে লাচিতক হিন্দু বীৰ সজাব বিচৰা বুলি সমালোচনা বিধায়কগৰাকীৰ।

লগতে পঢ়ক: Assam Meghalaya Conflict: অসম আৰক্ষী অলপ নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন: মুখ্যমন্ত্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.