ETV Bharat / state

শিৱসাগৰৰ আদালতত হাজিৰ কৰোৱা হ'ল অখিল গগৈক - AKHIL GOGOI APPEARED AT COURT BY SIVSAGAR POLICE

দেওবাৰে চাৰি দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ পাচত সোমবাৰে আদালতত হাজিৰ কৰা হয় অখিল গগৈক । 2019 বৰ্ষৰ ১৩ ডিচেম্বৰ তাৰিখে শিৱসাগৰ সদৰ থানাই একাধিক ধাৰাত ১৩৪৪/১৯ নং গোচৰ ৰুজু কৰিছিল অখিল গগৈৰ বিৰুদ্ধে ৷

দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ল অখিল গগৈক

author img

By

Published : Mar 23, 2020, 12:23 PM IST

Updated : Mar 23, 2020, 2:10 PM IST

শিৱসাগৰ, 23 মাৰ্চ : শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত সোমবাৰে হাজিৰ কৰা হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক । যোৱা ১৯ মাৰ্চ তাৰিখে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা শিৱসাগৰ আৰক্ষীয়ে জিম্মাত লৈছিল নেতা গৰাকীক ।

AKIL GOGOI APPEARED IN COURT
দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ল অখিল গগৈক

2019 বৰ্ষৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী গণ প্ৰতিবাদত অংশ লৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে। ১১ ডিচেম্বৰ তাৰিখে অংশ লোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ পাচতে ১৩ ডিচেম্বৰ তাৰিখে শিৱসাগৰ সদৰ থানাই একাধিক ধাৰাত ১৩৪৪/১৯ নং গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিত যোৱা ১৭ মাৰ্চ তাৰিখে শিৱসাগৰ আদালতে গ্ৰেপ্তাৰৰ আদেশ দিছিল অখিল গগৈক। লগতে শিৱসাগৰ আৰক্ষীক ৪ দিনৰ জিম্মা মঞ্জুৰ কৰিছিল। দেওবাৰে চাৰি দিন উকলি যোৱাৰ পাচত সোমবাৰে আদালতত হাজিৰ কৰা হয় নেতা গৰাকীক । গোচৰ সন্দৰ্ভত ন্যায়ালয়ে আদেশ জাৰি কৰিব ।

শিৱসাগৰৰ আদালতত হাজিৰ কৰোৱা হ'ল অখিল গগৈক

উল্লেখযোগ্য যে,অনুৰূপ এক গোচৰ ৰুজু কৰা হৈছিল গৌৰীসাগৰ থানাত । ১৫৪/১৯ নং গোচৰত গৌৰীসাগৰ থানাই অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ আৱেদন দিয়াৰ লগতে জেৰাৰ বাবে জিম্মাত বিচাৰিছিল। সোমবাৰে উক্ত গোচৰৰো শুনানি আৰু আদেশ দিয়াৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : প্ৰায় ২৫ ঘন্টা পাচত ঘৰৰ পৰা ওলাই আহিল মহানগৰবাসী

Last Updated : Mar 23, 2020, 2:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.