শিৱসাগৰ, ২ মাৰ্চ: মঙলবাৰে শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে । অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কালাগদৌলাত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত মঙলবাৰে বিক্ষোভ প্ৰদৰ্শন কৰে দলৰ কৰ্মকৰ্তাসকলে । এই কাৰ্যসূচীত দলটোৰ শিৱসাগৰ জিলাৰ সকলো সমিতিৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি দলৰ বিধায়ক নাৰায়ণ ডেকাৰ পৃষ্ঠপোষকতাতে দলৰ সভাপতিগৰাকীক আক্ৰমণ কৰা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে । লগতে দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।
শিল-ইটা দলিয়াই বিজেপি সমৰ্থকসকলে লুৰিণজ্যোতি গগৈৰ লগতে দলৰ উপদেষ্টা পুলকেশ বৰুৱাক আক্ৰমণ কৰাক লৈ ইতিমধ্যে নলবাৰী জিলাত দুখনকৈ এজাহাৰ দাখিল কৰা হৈছে । কিন্তু এই সন্দৰ্ভত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শিৱসাগৰ জিলা সমিতিয়ে মঙলবাৰে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়ক:কাটিগড়া সমষ্টিত হিন্দু প্ৰাৰ্থী দিবলৈ আহ্বান কংগ্ৰেছৰ