ETV Bharat / state

কংগ্ৰেছে মুংগেৰীলালৰ দৰে সপোন নেদেখে : জিতেন্দ্ৰ সিঙ - অসমত ২০২১ ৰ বিধানসভা নিৰ্বাচন

আমগুৰিত উপস্থিত হৈ জিতেন্দ্ৰ সিঙৰ মন্তব্য কংগ্ৰেছে মুংগেৰীলালৰ সপোন নেদেখে ৷ এ আই চি চি ৰ সাধাৰণ সম্পাদক হৈ প্ৰথমবাৰৰ বাবে অসমলৈ আহি গৌৰীসাগৰ নামদাং শিলৰ সাঁকো নামঘৰত সেৱা ল'লে জিতেন্দ্ৰ সিঙে ৷ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী সন্দৰ্ভত ৰিপুন বৰাৰ মন্তব্য, ""এইয়া একো ডাঙৰ কথা নহয়, বিধায়ক এজনে তেনে সপোন দেখিব পাৰে ।"

কংগ্ৰেছে মুংগেৰীলালৰ দৰে সপোন নেদেখে : জিতেন্দ্ৰ সিঙ

author img

By

Published : Nov 2, 2020, 9:16 PM IST

আমগুৰি, 2 নৱেম্বৰ : "কংগ্ৰেছে মুংগেৰীলালৰ সপোন নেদেখে ৷ আমি বিপুল সংখ্যক ভোটত জয়লাভ কৰিম ৷ " আমগুৰিত উপস্থিত হৈ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক তথা এ আই চি চি ৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ । প্ৰয়াত অঞ্জন দত্তৰ অৱদানৰ কথা সুঁৱৰি আমগুৰি সমষ্টিত কংগ্ৰেছে জয়লাভ কৰিব বুলি দাবী কৰে ৷

আমগুৰিত উপস্থিত জিতেন্দ্ৰ সিঙ

নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৈ প্ৰথম বাৰৰ বাবে অসমলৈ অহা জিতেন্দ্ৰ সিঙক সোমবাৰে আমগুৰিত কংগ্ৰেছ দলৰ কৰ্মী সকলৰ লগতে স্থানীয় ৰাইজে উষ্ম আদৰণি জনায় ৷ আমগুৰি সমষ্টিত ভৰি দিয়েই জিতেন্দ্ৰ সিঙে গৌৰীসাগৰ নামদাং শিলৰ সাঁকো নামঘৰত সেৱা লোৱাৰ লগতে সমবেত দলীয় কৰ্মীৰ সতে মুখামুখি হয় । কংগ্ৰেছে আগন্তুক নিৰ্বাচনত কিমান আসনৰ বাবে আশা কৰিছে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক গৰাকীয়ে কয় যে, কংগ্ৰেছে অন্য সকলৰ দৰে মুংগেৰীলালৰ সপোন দেখা নাই । অসমত ২০২১ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে গৰিষ্ঠ সংখ্যক আসনেৰে শাসনলৈ আহিব বুলি দাবী কৰে জিতেন্দ্ৰ সিঙে ।

জিতেন্দ্ৰ সিঙৰ সৈতে উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিধায়ক শ্বেৰমান আলী আহমেদৰ গ্ৰেপ্তাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হোৱাক লৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সন্দৰ্ভটো এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ বৰাই কয় যে শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিবৰ বাবে পুনৰ শাসনলৈ অহাৰ প্ৰয়োজনীয়তা নাই ৷ বিধায়ক ৰূপজ্যোতি কুৰ্মী সন্দৰ্ভতো সাংবাদিকে কৰা প্ৰশ্নৰ চমু উত্তৰ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হ'ম বুলি ভবাটো কোনো ডাঙৰ কথা নহয় ৷ যিকোনো এজন বিধায়কেই সেই সপোন দেখিব পাৰে ৷ উল্লেখ্য যে অতি শেহতীয়াকৈ এ আই চি চি ৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে অসমৰ কংগ্ৰেছ কৰ্মী সকলক যিকোনো ধৰণৰ মন্তব্য কৰাৰ ক্ষেত্ৰত সংযত হ'বলৈ আহ্বান জনাই এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷

লগতে পঢ়ক: গাৰ ছাঁই লগ এৰিলেও জৰা-ফুকাই লগ নেৰে আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.