আমগুৰি, ২৭ জানুৱাৰী: বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমষ্টিয়ে সমষ্টিয়ে দলৰ বাবে প্ৰচাৰ অভিযান চলোৱাত ব্যস্ত হৈ পৰিছে অসম গণ পৰিষদৰ নেতা-কৰ্মীসকল । লগতে নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে প্ৰয়াস কৰিছে নেতৃত্বই । বুধবাৰে শিৱসাগৰৰ আমগুৰিত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ । এই সমাৰোহত অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চোধুৰী, দলৰ সাংস্কৃতিক সমিতিৰ সভানেত্ৰী তথা বিশিষ্ট কণ্ঠশিল্পী কল্পনা পাটোৱাৰীও উপস্থিত থাকিব ।
সমাৰোহত প্ৰায় ৩০ হাজাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিছে । আনহাতে, বিশাল বাইক ৰেলী আয়োজন কৰি অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত অংশগ্ৰহণ কৰিলে দলৰ একাংশ কৰ্মী আৰু সমৰ্থকে । বৰ্তমান অসম গণ পৰিষদৰ দখলত থকা আমগুৰি সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচনতো মিত্ৰদল বিজেপিৰ প্ৰাৰ্থীৰ পৰিৱৰ্তে অগপৰ প্ৰাৰ্থীয়েহে প্ৰতিদ্বন্দিতা কৰিব বুলি দাবী কৰি আহিছে দলটোৰ কৰ্মকৰ্তাসকলে ।
বিগত নিৰ্বাচনত এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছিল অগপ নেতা প্ৰদীপ হাজৰিকাই । পুনৰ বিধায়কগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে টিকট লাভ কৰিব বুলি আশাবাদী সমৰ্থকসকল ।
লগতে পঢ়ক:পুনৰ আহি আছে প্ৰধানমন্ত্ৰী মোডীঃ এইবাৰ ঢেকীয়াজুলিত বিশাল সভা