ETV Bharat / state

দুৰ্যোগ প্ৰশমন আৰু ক্ষতিপূৰণ প্ৰদানৰ বাবে তৎপৰ শিৱসাগৰ জিলা প্ৰশাসন - circle office

শিৱসাগৰ আৰু ডিমৌ ৰাজহ চক্ৰৰ ৩৭ হাজাৰৰো অধিক লোক বানত আক্ৰান্ত হোৱাৰ পাছত দুৰ্যোগ ৰোধ আৰু ক্ষতিপূৰণ প্ৰদানৰ বাবে তৎপৰ জিলা প্ৰশাসন ৷

দুৰ্যোগ প্ৰশমন আৰু ক্ষতিপূৰণ প্ৰদানৰ বাবে তৎপৰ শিৱসাগৰ জিলা প্ৰশাসন
author img

By

Published : Jul 19, 2019, 5:29 PM IST

শিৱসাগৰ, 19 জুলাইঃ প্ৰলয়ংকাৰী বানে সমগ্ৰ ৰাজ্য তাণ্ডৱ সৃষ্টি কৰাৰ পাছত বৃহস্পতিবাৰৰ পৰা ক্ৰমে উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি । প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰ আৰু ডিমৌ ৰাজহ চক্ৰ অন্তৰ্গত সৰ্বমুঠ 71 খন গাঁৱৰ 31 হাজাৰৰো অধিক লোক বানত আক্ৰান্ত হোৱাৰ লগতে ৰ 844 হেক্টৰ ভূমি প্লাৱিত হৈছিল । ইতিমধ্যে শিৱসাগৰ জিলা প্ৰশাসনে বানাক্ৰান্ত সকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ বাবে তৎপৰ হৈ উঠিছে । শিৱসাগৰ জিলা প্ৰশাসনে বানত আক্ৰান্ত লোক সকলক সাহাৰ্য্য প্ৰদান কৰাৰ বাবে 57 টা সাহাৰ্য্য কেন্দ্ৰ গঠন কৰাৰ লগতে বানাক্ৰান্ত অঞ্চল সমূহত হ'ব পৰা বিভিন্ন সংক্ৰামক ৰোগ নিৰাময়ৰ বাবে 15 টা বিশেষ চিকিৎসাৰ দল গঠন কৰিছে । ইয়াৰোপৰি একেদৰে বানত আক্ৰান্ত প্ৰায় 25 হাজাৰৰো অধিক জীৱ জন্তুৰ চিকিৎসাৰ বাবে 12 টা পশু চিকিৎসকৰ দল নিয়োজিত কৰা হৈছে ।

Intro:*শিৱসাগৰৰ বান পৰিস্থিতি উন্নত - জিলাখনৰ শিৱসাগৰ আৰু ডিমৌ ৰাজহ চক্ৰৰ ৩৭ হাজাৰৰো অধিক লোক আক্ৰান্ত-বানৰ পাছত হ'ব পৰা দূৰ্যোগ ৰোধত তৎপৰ প্ৰশাসন-ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ*

Story-AFTER_FLOOD
Ananta Smith
Sivasagar
19th July

A_SVR_19TH_JULY_801-803_AFTER_FLOOD_801-803_7203499

শিৱসাগৰ জিলাত বানৰ পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে।ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদী সমূহৰ পানী কমি অহাৰ ফলত ক্ৰমে পানী কমিছে বিভিন্ন অঞ্চলৰ ৭১ খন গাঁৱত।এতিয়া প্ৰশাসন তৎপৰ হৈছে বানৰ পাছত হ'ব পৰা দূৰ্যোগ সমূহ নিৰাময় কৰাত।

Body:জিলাখনৰ শিৱসাগৰ আৰু ডিমৌ ৰাজহ চক্ৰ অন্তৰ্গত সৰ্বমুঠ ৭১ খন গাঁৱৰ ৩৭ হাজাৰৰো অধিক লোক বানত আক্ৰান্ত হৈছিল।

জিলাখনৰ শিৱসাগৰ ৰাজহ চক্ৰৰ অধীনৰ বিশেষকৈ দিচাংমুখ আৰু দিখৌমুখ অঞ্চল বানত অধিক আক্ৰান্ত হৈছিল।

দিখৌমুখৰ ৰূপহিমুখ, চিন্তামনিগড, গটঙা, ঘৰফলিয়া, গছকটা, অলিছিগা, লিগিৰিবাৰী, লেপাই আদিকে ধৰি সৰ্বমুঠ ৩৭ খন গাঁও এই বানৰ কৱলত পৰিছিল যদিও এতিয়া পানীৰ ক্ৰমে কমিছে।সাতখনমান গাওঁ হে পানীৰ তলত‌।

একেদৰে ডিমৌ ৰাজহ চক্ৰৰ লাইবিল, মিৰিপথাৰ, বৰগাঁৱ, বকুলদোৱা আদিকে ধৰি ৩৪ খন গাঁও বানত ডুব গৈছিল।

জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি এই বানত শিৱসাগৰ আৰু ডিমৌ ৰাজহ চক্ৰৰ ৮৪৪ হেক্টৰ প্লাবিত হৈছিল। ইয়াৰে মুঠ কৃষি ভূমি ৪৮৬ হেক্টৰ।

শিৱসাগৰ জিলা প্ৰশাসনে এই বানত আক্রান্ত লোক সকলক সাহায্য বিতৰণ কৰাৰ বাবে ৫৭ টা সাহায্য কেন্দ্ৰ চলাই আছে আৰু
বানাক্ৰান্ত অঞ্চল সমূহত হব পৰা বিভিন্ন সংক্ৰামক ৰোগৰ আশংকা দূৰীকৰণ কৰাৰ বাবে ১৫ টা বিশেষ চিকিৎসা দল গঠন কৰিছে।

একেদৰে এই বানত আক্ৰান্ত প্ৰায় ২৫ হাজাৰৰো অধিক জীৱ জন্তুৰ চিকিৎসাৰ বাবে ১২ টা পশু চিকিৎসকৰ দল নিয়োজিত কৰা হৈছে ।

আনহাতে এই বানত মিলনপুৰৰ পৰা দিচাংমুখ সংযোগী পথৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেলিয়াডোঙা বিশুদ্ধ খোৱা পানী যোগান আঁচনি খন ক্ষতিগ্ৰস্ত হৈছে। একেদৰে এই বানত শিৱসাগৰ আৰু ডিমৌ ৰাজহ চক্ৰ এলেকাৰ ৩২ খন বিদ্যালয় আৰু ২০ টা অংগণবাদী কেন্দ্ৰ পানীত বুৰ যোৱাত পাঠদান বন্ধ হৈ আছে।

Bite - জিলা উপায়ুক্ত ডাঃ লক্ষ্মণন এছ

Conclusion:বান সাহাৰ্য প্ৰদানৰ বাবে ইতিযধ্যে জিলা প্ৰশাসনে সকলো বিভাগক জৰীপ আৰু খতিয়ান প্ৰদানৰ নিৰ্দেশ দিছে।সেই অনুসৰি সকলো বিভাগে খতিয়ান প্ৰদানৰ পাছত বান বিধ্বস্ত লোকক ক্ষতিপূৰণ প্ৰদান কৰিব প্ৰশাসনে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.