ETV Bharat / state

শিৱসাগৰত জ্বলিল মুখ্যমন্ত্ৰী-জলসম্পদমন্ত্ৰীৰ প্ৰতিকৃতি

author img

By

Published : Jun 30, 2020, 7:20 PM IST

শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত সৃষ্টি হোৱা গৰাখহনীয়া আৰু বান সমস্যা ৰোধ কৰাত জলসম্পদ বিভাগ আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাৰ ৷ বৰ্তমানলৈকে ৰাজ্যত বানৰ কৱলত পৰি প্ৰাণ হেৰুৱাইছে 24 গৰাকী লোকে ৷ ভিন্ন স্থানত প্ৰলয়ংকৰী বানে ছিঙি নিছে মথাউৰি ৷

aasu protest against govt in sivsagar
aasu protest against govt in sivsagar

শিৱসাগৰ, 30 জুন : ৰাজ্যত এতিয়া বানৰ বিভীষিকা ৷ বাৰিষা বলিয়া বানে বুৰাইছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ৷ বানৰ কৱলত পৰি দিশহাৰা বন্যাৰ্ত ৷ বৰ্তমানলৈকে ৰাজ্যত বানৰ কৱলত পৰি প্ৰাণ হেৰুৱাইছে 24 গৰাকী লোকে ৷ ভিন্ন স্থানত প্ৰলয়ংকৰী বানে ছিঙি নিছে মথাউৰি ৷ যাৰ ফলত বানৰ প্ৰকোপ বৃদ্ধি পাইছে নৈ পৰীয়া অঞ্চলবোৰত ৷ যোৱাটো বৰ্ষত বানত বিধস্ত হোৱা মথাউৰিসমূহৰ পুনঃ নিৰ্মাণ অথবা মেৰামতিৰ বাবে জলসম্পদ বিভাগে ব্যৱস্থা কৰিছিল যদিও কৰ'ণা আতংকৰ ফলত ঘোষণা কৰা লক্ ডাউনে এই মেৰামতিত হেঙাৰ দিয়ে ৷

aasu protest against govt in sivsagar
ৰাজ্যত বানৰ বিভীষিকা

লক্ ডাউন খোলাৰ অন্তত পুনৰ মথাউৰি মেৰামতিৰ কাম আৰম্ভ হয় যদিও খৰতকীয়াকৈ কাম সম্পূৰ্ণ কৰাৰ তাগিদাত বিসংগতপূৰ্ণভাৱে একাংশ মথাউৰি মেৰামতি কৰে বিভাগীয় ঠিকাদাৰে ৷ বিগত সময়চোৱাত বহু কেইটা স্থানৰ ৰাইজে এই অভিযোগ উত্থাপন কৰিছে ৷ আনহাতে, আন বহু কেইটা মথাউৰিৰ মেৰামতি আধৰুৱা হোৱাৰ ফলতো ৰাইজলৈ বিপদ নামিছে ৷ বিগত সময়চোৱাত খৰালিতেই কাম আৰম্ভ নকৰাৰ ফলত গৰাখহনীয়াৰ কৱলত পৰিছে ৰাজ্যৰ নৈ পৰীয়া অঞ্চলসমূহ ৷

শিৱসাগৰত জ্বলিল মুখ্যমন্ত্ৰী-জলসম্পদমন্ত্ৰীৰ প্ৰতিকৃতি

শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত সৃষ্টি হোৱা গৰাখহনীয়া আৰু বান সমস্যা ৰোধ কৰাত জলসম্পদ বিভাগ আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাৰ ৷ মংগলবাৰে শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৱে । বান-খহনীয়া ৰোধৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ বাবে চৰকাৰক দাবী জনায় সংগঠনটোৱে ৷

লগতে পঢ়ক : অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱা উচিত:প্ৰফুল্ল কুমাৰ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.