ETV Bharat / state

AASU protest: মাতৃ ভাষাৰ মাধ্যমত চৰকাৰক হাত নিদিবলৈ সকীয়নি আছুৰ - AASU month long agitation

চৰকাৰে অসমীয়া আৰু বড়ো মাধ্যমৰ বিদ্যালয়ক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰি সদৌ অসম ছাত্ৰ সন্থাই (All Assam Students’ Union) সাবস্ত্য কৰিছে প্ৰতিবাদ ৷ বুধবাৰে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি ৰূপায়ন কৰা হয় অনশন কাৰ্যসূচী ৷

AASU protest
AASU protest
author img

By

Published : May 31, 2023, 5:25 PM IST

মাতৃ ভাষাৰ মাধ্যমত চৰকাৰক হাত নিদিবলৈ সকীয়নি আছুৰ

টীয়ক/শিৱসাগৰ: তৃতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান অসমীয়া ভাষাৰ বিপৰীতে ইংৰাজী ভাষাৰ জৰিয়তে ৰাজ্য চৰকাৰে প্ৰদান কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে জ্বলিছে ক্ষোভৰ জুই ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই (AASU hunger strike) ৷ প্ৰতিখন জিলাতেই আজি 10 ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে আছুৱে ৷

অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষাত পাঠদান কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ চৰকাৰক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনোৱৰ পাচতে প্ৰদান কৰা নাই কোনো গুৰুত্ব ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে মাহ জোৰা আন্দোলনৰ কাৰ্যসূচী ৷ চৰকাৰে সেই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে আন্দোলন তীব্ৰতৰ কৰি তোলা হ’ব বুলি হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে (AAU protest against Assam govt) ৷

চৰকাৰৰ এই সিদ্ধান্তক হঠকাৰী সিদ্ধান্ত আখ্যা দি ইয়াৰ দ্বাৰা চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ অস্তিত্ব শেষ কৰিব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ কেন্দ্ৰীয় চৰকাৰে ইঞ্জিনীয়াৰিং আৰু মেডিকেলৰ পাঠ্যক্ৰম অসমীয়া মাধ্যমত দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষাক প্ৰাধান্য দিয়া বিষয়টো স্বাভাৱিকতেই চৰ্চাৰ বিষয় হৈ পৰিছে (Assam govt anti mother tongue decision) ৷

উল্লেখ্য় যে বিগত 26 মে’ তাৰিখে গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাই এক বৈঠকত চৰকাৰৰ এই সিদ্ধান্তক অসমীয়া আৰু বড়ো মাধ্যম বিৰোধী আখ্যা দি মাহজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে (AASU month long agitation) ৷ তাৰেই অংশ হিচাবে আজি ৰাজ্যজুৰি আছুৱে ৰূপয়ান কৰিছে অনশন কাৰ্যসূচী ৷ যোৰহাট জিলাৰ লগতে শিৱসাগৰ জিলাতো আজি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷

লগতে পঢক: AASU protest: অসমীয়া মাধ্যমক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে; আছু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.