ETV Bharat / state

Bitupan Changmai in Jail: দুটা মাহে কাৰাগাৰত বন্দী বিতোপন চাংমাই - AASU and KMSS will approach court on Monday for release of Bitupon Changmai

ফেচবুকত আপলোড কৰা এটা পোষ্টৰ বাবেই 64 টাকৈ দিন কাৰাগাৰত থকা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই মুকলি আকাশৰ তললৈ অহাৰ পিছতেই চৰ্চালৈ আহিছে আমগুৰিৰ অন্য এজন যুৱকৰ প্ৰসংগ ৷ বৰ্ষাশ্ৰীৰ ফেচবুক কমেণ্টত কথা পতাৰ বাবেই বিগত দুমাহ ধৰি অন্ধকাৰ কাৰাগাৰত আৱদ্ধ হৈ আছে বিতোপন চাংমাই নামৰ যুৱকজন (Bitupan Changmai in jail) ৷ চকুলোৰে বাট নেদেখা অৱস্থা বিতোপন মাতৃৰ ।

bitupan changmai in jail accused of supporting barshashree burhagoain
Bitupan Changmai in Jail: দুটা মাহে কাৰাগাৰত বন্দী বিতোপন চাংমাই
author img

By

Published : Jul 25, 2022, 10:58 AM IST

আমগুৰি,২৫ জুলাই: বৰ্ষাশ্ৰীৰ মুক্তিৰ পাছতেই পোহৰলৈ আহিছে আন এজন যুৱকৰ প্ৰসংগ ৷ নাম বিতোপন চাংমাই ৷ ঘৰ আমগুৰি সমষ্টিৰ বালিপথাৰত ৷ বালিপথাৰৰ পুতুল চাংমাইৰ একমাত্ৰ পুত্ৰ বিতোপন চাংমায়ে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ লগত ফেচবুকত কথা পতাৰ বাবেই গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল (Bitupan Changmai in jail)। বৰ্ষাশ্ৰী গ্ৰেপ্তাৰ হোৱা পিছদিনাই আমগুৰি আৰক্ষীয়ে বিতোপন চাংমাইক ঘৰৰ পৰা উঠাই নিছিল ৷ প্ৰথমে সোধপোছ আৰু তাৰ পাছতে গ্ৰেপ্তাৰ কৰিছিল বিতোপনক (Bitupan Changmai for supporting Barshashree) ৷

এই সংক্ৰান্তত বিভিন্ন মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছতেই আমগুৰিৰ দুটাকৈ জাতীয় সংগঠনে বিতোপন চাংমাইৰ মুক্তিৰ বাবে আদালতৰ কাষ চাপিব বুলি প্ৰকাশ কৰিছে । টাই আহোম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সোমবাৰে বিতোপন চাংমাইৰ মুক্তিৰ বাবে আদালতৰ কাষ চাপিব(AASU and KMSS will approach court on Monday for release of Bitupon Changmai) । উল্লেখ্য যে ৬৪ টা দিনৰ বন্দিত্বৰ অন্তত মুকলি আকাশৰ তললৈ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই আহে যদিও যোৱা দুটা মাহ বিতোপন চাংমাই অন্ধকাৰ কাৰাগাৰত বন্দী হৈ আছে (Bitupon Changmai in jail for last two months) ।

Bitupan Changmai in Jail: দুটা মাহে কাৰাগাৰত বন্দী বিতোপন চাংমাই

যোৱা দুটা মাহ ধৰি শিৱসাগৰত কাৰাগাৰত বন্দী হৈ আছে বিতুপন চাংমাই । একমাত্ৰ পুত্ৰ অবিহনে মৰিশালি যেন পৰিৱেশ বিৰাজ কৰিছে বিতোপনৰ ঘৰখনত । যোৱা দুটা মাহে বিতুপন চাংমাইৰ পিতৃ-মাতৃৰ চকুত চকুলো । বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ মুকলি হোৱাৰ পিছতে বিতুপন চাংমাইৰ পিতৃ-মাতৃয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে তেওলোকৰ একমাত্ৰ পুত্ৰক মুকলি কৰি দিবলৈ । সজল নয়নেৰে বিতোপনক মুকলি কৰি দিবলৈ অসম চৰকাৰক কাতৰ আহ্বান জনাইছে পিতৃ-মাতৃয়ে । পিতৃ মাতৃয়ে একমাত্ৰ পুত্ৰ ঘৰলৈ আহিব বুলি আশাৰে বাট চাই আছে । লগতে ভৱিষ্যতে সন্তানৰ দায়িত্ব লৈ আৰু নিষিদ্ধ ঘোষিত সংগঠনত যোগদান নকৰাৰ প্ৰতিশ্ৰুতি দিব বুলিও বিতুপন চাংমাইৰ পিতৃ-মাতৃয়ে প্ৰকাশ কৰে ।

লগতে পঢ়ক: Bitupan Changmai in Jail: বৰ্ষাশ্ৰীক সমৰ্থন কৰি বিগত দুমাহে কাৰাগাৰত বিতোপন চাংমাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.