ETV Bharat / state

অসমত প্ৰাসংগিকতা বাঢ়িছে নেকি 'আপ'ৰ ?

author img

By

Published : May 10, 2022, 9:47 PM IST

দিল্লী আৰু পঞ্জাৱত ৰাইজৰ মন জয় কৰি চৰকাৰ গঠন কৰা আপ দলটোক অসমত শেহতীয়াকৈ এক বিকল্প ৰাজনৈতিক শক্তি ৰূপে ৰাইজে স্বীকৃতি দিছে ৷ আপে যিদৰে দিল্লীত কাম কৰিছে, সেইদৰে অসমতো কৰিব ৷ মঙলবাৰে শিৱসাগৰৰ আপৰ এক যোগদান কাৰ্যসূচী (AAP joining event in Sivsagar)ত এই মন্তব্য কৰে দলটোৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুবে ৷

AAP Joining program in Sivsagar
শীৰ্ষ নেতাৰ পৰা সাধাৰণ জনতাৰ সোঁত বৈছে আপলৈ

শিৱসাগৰ, 10 মে’ : আপলৈ ধাৱমান হৈছে ৰাজ্যৰ শতাধিক ৰাইজ (AAP wave in Sivsagar) ৷ উজনিৰ পৰা নামনিলৈ বিভিন্ন সময়ত সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি বহু দল-সংগঠনৰ শীৰ্ষ নেতায়ো আম আদমি পাৰ্টী চমুকৈ আপলৈ ধাৱমান হোৱা পৰিলক্ষিত হৈছে ৷ মঙলবাৰে শিৱসাগৰত আম আদমী পাৰ্টীৰ শিৱসাগৰ জিলা সমিতিৰ (AAP Sivsagar district) উদ্যোগত আয়োজন কৰা হয় এক যোগদান সমাৰোহ ৷

আপলৈ ধাৱমান হৈছে ৰাজ্যৰ শতাধিক ৰাইজ (

য’ত শতাধিক নতুন সদস্যই দলটোত যোগদান কৰে । শিৱসাগৰ নগৰৰ এ টি ৰোডৰ কাষৰ বাৰুৱাৰী সাংস্কৃতিক কেন্দ্ৰত আয়োজিত এই যোগদান সমাৰোহত নতুন সদস্যসকলক দলটোৰ টুপী আৰু প্ৰতীক প্ৰদান কৰি দলটোৰ মজিয়ালৈ আদৰণি জনাই বিভাগটোৰ কৰ্ম-কৰ্তাসকলে । এই অনুষ্ঠানত উপস্থিত থাকে দলটোৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুবে ৷

লগতে পঢ়ক : বুধবাৰে তৃণমূলত যোগ দিব সহস্ৰজনে

এই অনুষ্ঠানতে তেওঁ কয় যে, দলটোৰ প্ৰতি জনসাধাৰণৰ আস্থা ক্ৰমশঃ বৃদ্ধি পাইছে ৷ যাৰ পৰিপ্ৰেক্ষিতত আপলৈ ধাৱমান হৈছে ৰাজ্যৰ জনসাধাৰণ ৷ দিল্লী আৰু পঞ্জাৱত ৰাইজৰ মন জয় কৰি চৰকাৰ গঠন কৰা দলটো অসমত শেহতীয়াকৈ এক বিকল্প ৰাজনৈতিক শক্তি ৰূপে ৰাইজে স্বীকৃতি দিয়া বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে দলটোৰ ৰাজ্যিক যুটীয়া সমন্বয়কগৰাকীয়ে ৷

লগতে তেওঁ কয় যে, কামৰ ৰাজনীতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা দলটোৱে শিক্ষা, স্বাস্থ্য আদিকে ধৰি বুনিয়াদী খণ্ডত দিল্লীত যি দৰে অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা কৰিছে, সেই একে পৰিৱৰ্তন ৰাইজে অসমতো পাব ৷ উল্লেখ্য যে, মঙলবাৰৰ এই যোগদান সমাৰোহত জিলাখনৰ বহু সংখ্যক ছাত্ৰ নেতা, ব্যৱসায়ী আদিয়ে দলটোত যোগদান কৰে । শিৱসাগৰ নগৰৰ কাৰ্যসূচীৰ পাচতেই দলটোৱে অনুৰূপ যোগদান কাৰ্যসূচী ডিমৌ আৰু নাজিৰাত আয়োজন কৰে ।

লগতে পঢ়ক : ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আপলৈ বৈছে জনতাৰ সোঁত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.