আমগুৰি,13জুলাই: আমগুৰিত কৃষক নেতা অখিল গগৈৰ সুস্বাস্থ্য আৰু মুক্তিৰ কামনাৰে আয়োজন কৰা হয় বান-ফি পূজা ৷ টাই আহোমৰ ৫ জন উপাস্য দেৱতাক আসন পাতি টাই ধৰ্ম পৰম্পৰাৰে বান-ফি পূজা কৰা হয় ৷ আমগুৰিৰ বালিপথাৰ চাও-চেন-ৰেঙত টাই পণ্ডিতে খাও-খাম বা জলদেৱতা, যান-চায়-হুং বা শস্যদেৱতা, লেংডন বা স্বৰ্গাধিপতি, জাচিংফা বা শব্দব্ৰক্ষ্ম আৰু ডাম বা উপৰিপুৰুষক স্মৰণ কৰি বৰাচাউল, কুকুৰা কণী, লুকলাও, আখৈ, গুৱাপান দি অখিল গগৈৰ অতি শীঘ্ৰে আৰোগ্য লাভৰ বাবে পূজাৰ আয়োজন কৰে ৷ অঞ্চলবাসীয়ে অখিল গগৈৰ লগতে কাৰাবন্দী হৈ থকা নেতাসকলক মুক্তি দিবৰ বাবে চৰকাৰক আহ্বান জনায় ৷
অন্য এক খবৰৰ বাবে: ৰাজ্যত পুনৰ 735গৰাকীৰ দেহত ধৰা পৰিল কোভিড-19
উল্লেখ্য যে, কাৰাগাৰৰ ভিতৰতেই কোভিড-19 পজিটিভ বুলি চিনাক্ত হৈছিল কৃষক নেতা অখিল গগৈ ৷ ইয়াৰ পাছতে, জিএমচিএইছত ভৰ্তি কৰা হৈছিল কৃষক নেতাগৰাকীক ৷ বৰ্তমান চিকিৎসাধীন হৈ আছে নেতাগৰাকী ৷ এই নেতাগৰাকীৰ সু-স্বাস্থ্যৰ কামনা কৰি টাই আহোম পৰম্পৰাৰে উপাস্য দেৱতাক আৰধনা কৰে আমগুৰিৰ ৰাইজে ৷