ETV Bharat / state

1 ছেপ্তেম্বৰৰ পৰা বিদ্যালয় খুলিব যদিও বিভ্ৰান্তিত অভিভাৱক-শিক্ষাৰ্থী - শিক্ষানুষ্ঠান

এক ছেপ্তেম্বৰৰ পৰা খুলিব লাগিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান ৷ ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে জাৰি কৰিছে এই নিৰ্দেশনা ৷ কিন্তু ছাত্ৰ-ছাত্ৰী অবিহনে শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ গৈ কি কৰিব ? ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সন্দৰ্ভত কোনো নিৰ্দেশনা জাৰি কৰা নাই চৰকাৰে ৷ সম্প্ৰতি অনিশ্চয়তাত ৰাজ্যৰ শিক্ষা ব্যৱস্থা ৷

A special story about to open schools from one september sivsagar assam etv bharat news
অনিশ্চয়তাত ৰাজ্যৰ শিক্ষা ব্যৱস্থা
author img

By

Published : Aug 20, 2020, 7:32 PM IST

শিৱসাগৰ,20 আগষ্ট: ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি হৈছে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ মৃতকৰ সংখ্যাই অতিক্ৰম কৰিছে দুই শতাধিক ৷ কিন্তু তাৰ মাজতে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ প্ৰয়াসত ব্যস্ত প্ৰতিগৰাকী নাগৰিক ৷ ৰাজ্যত জাৰি কৰা লক ডাউন কিছু পৰিমাণে শিথিল হোৱাৰ পিছত ৰাজপথলৈ ওলাই আহিছে সকলো ৷ ইয়াৰ মাজতে স্বাভাৱিক হ’বলৈ ধৰিছে পৰিস্থিতি ৷ বিগত পাঁচ মাহৰ পৰা ৰাজ্যত বন্ধ হৈ আছিল সকলো শিক্ষানুষ্ঠান ৷ শিক্ষামন্ত্ৰীয়ে নিৰ্দেশ দিয়া অনুসৰি, ছাত্ৰ-ছাত্ৰী আহক বা নাহক শিক্ষক-শিক্ষয়িত্ৰী কিন্তু বিদ্যালয়লৈ আহিবই লাগিব ৷ কিন্তু সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত বাধ্যতামূলক হ’ব স্বাৱ পৰীক্ষা ৷ চলিত মাহৰ 20-30 তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব এই স্বাৱ পৰীক্ষা ৷

A special story about to open schools from one september sivsagar assam etv bharat news
অনিশ্চয়তাত ৰাজ্যৰ শিক্ষা ব্যৱস্থা

ছাত্ৰ-ছাত্ৰী অবিহনে বিদ্যালয়ত শিক্ষকৰ কামেই বা কি ! মন্ত্ৰীগৰাকীৰ এই নিৰ্দেশৰ পিছতে সম্প্ৰতি বিমোৰত পৰিছে অভিভাৱকসকল ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ পিছতো কিদৰে বিদ্যালয়লৈ পঠিয়াব সন্তানক ৷ যিহেতু শিশু আৰু প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত এই ভাইৰাছ সংক্ৰমণৰ আশংকা অধিক ৷ ইফালে অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষা প্ৰদান কৰি অহা হৈছে যদিও উপকৃত হোৱা নাই সকলো স্তৰৰ শিক্ষাৰ্থী ৷ সেয়ে জৰুৰী হৈ পৰিছে শ্ৰেণীকোঠাৰ পাঠদান ৷ তৎসত্বেও চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি আশ্বস্ত হ’ব পৰা নাই অভিভাৱকসকল ৷ সামাজিক মাধ্যমৰ জৰিয়তে হোৱা এক সমীক্ষাত প্ৰকাশ পাইছে অভিভাৱকসকলে সন্তানক বিদ্যালয়লৈ নপঠোৱাৰ সিদ্ধান্ততে অটল থকাৰ কথা ৷ একাংশই পোনপটীয়াকৈ প্ৰকাশ কৰিছে যে, এনে ব্যৱস্থা সুৰক্ষিত নহয় ৷ চৰকাৰে পঞ্চম শ্ৰেণীৰ পৰা অষ্টম, নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিশেষ ব্যৱস্থাৰ মাজেৰে পাঠদান আৰম্ভ কৰাৰ মৌখিক নিৰ্দেশ প্ৰদান কৰিছে যদিও পূৰ্ণ পৰ্যায়ৰ নিৰ্দেশ দিবলৈ এতিয়াও বাকী আছে ৷ কিন্তু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সন্দৰ্ভত কোনো স্পষ্ট নিৰ্দেশ প্ৰদান কৰা নাই চৰকাৰে ৷ ফলত বিভাগসমূহে কি কৰা উচিত বা অনুচিত সেয়া এতিয়াও জ্ঞাত নহয় ৷

বিদ্যালয় খোলাৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ

সেয়ে প্ৰশ্ন উত্থাপন হৈছে ছাত্ৰ-ছাত্ৰী অবিহনে শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ গৈ কি কৰিব ? কৰ’ণাৰ আতংকৰ মাজতে চৰকাৰৰ বিদ্যালয় খোলাৰ বিষয়ে লোৱা সিদ্ধান্তৰ ফলত শৈক্ষিক মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ চৰকাৰৰ চূড়ান্ত নিৰ্দেশনা লাভৰ পিছতহে জানিব পৰা যাব প্ৰকৃত পৰিকল্পনা কি ! চৰকাৰৰ এনে পৰিকল্পনা অভিভাৱকে কিদৰে গ্ৰহণ কৰে সেয়া হৈ পৰিব লক্ষণীয় ৷

লগতে চাওকঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মানৱ শৃংখল প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.